ৰাজস্থানৰ সন্মুখত আজি কোহলিৰ বাংগালুৰু
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু আৰু ৰাজস্থান ৰয়েলছে৷ প্রতিযোগিতাখনত এতিয়ালৈকে তিনিখন মেচ খেলি আটাইকেইখনতে বিজয় সাব্যস্ত কৰা বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে আজিৰ মেচখনতো ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছে৷
প্রথম তিনিওখন মেচতে বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা বাংগালুৰুৱে আজিৰ মেচখনৰ মূল একাদশত কোনোধৰণৰ সালসলনি নোহোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে৷ অৱশ্যে বিগত মেচকেইখনত টপ অর্ডাৰৰ বেটছমেনসকলৰ ব্যর্থতাই কিছু পৰিমাণে চিন্তিত কৰি ৰাখিছে কোহলিক৷ বিস্ফোৰক বেটছমেনদ্বয় এবি ডি ভিলিয়ার্ছ আৰু গ্লেন মেক্সৱেলৰ ওপৰত অধিক ভৰসা কৰি কোহলিয়ে কয় যে ডি ভিলিয়ার্ছ আৰু মেক্সৱেলে কাইলৈৰ মেচখনতো বিস্ফোৰক বেটিং দাঙি ধৰিব পাৰিব৷
অৱশ্যে টপ অর্ডাৰৰ বেটছমেনসকলেও উন্নত প্রদর্শন দাঙি ধৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰোৱাত বিশেষ ভূমিকা গ্রহণ কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে অধিনায়কগৰাকীয়ে৷ ইফালে, ৰাজস্থান ৰয়েলছেও আজিৰ এই গুৰুত্বপূর্ণ মেচখনত বিজয় সাব্যস্ত কৰি প্রতিযোগিতাখনত প্রত্যাৱর্তন কৰাৰ লক্ষ্য লৈছে৷ বিগত মেচখনত চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হোৱা ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনে কয় যে বিগত মেচখনত আমাৰ আগশাৰীৰ বেটছমেনসকলে নিজৰ ছন্দ অনুসাৰে খেলাত সম্পূর্ণৰূপে ব্যর্থ হৈছিল৷ আশা কৰিছোঁ আজিৰ মেচখনত যাতে তেওঁলোকে সেই ভুলৰ পুনৰাবৃত্তি নকৰে৷ এতিয়ালৈকে তিনিখন মেচ খেলি মাত্র এখনত জয়ৰ মুখ দেখা ৰাজস্থান ৰয়েলছৰ বাবে কাইলৈৰ মেচখনত জয়লাভ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷