IPL, ৰাজস্থানৰ বিপক্ষে সহজ জয় বাংগালুৰুৰ, ছন্দ ওভতাই পালে কোহলিয়ে
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে চলিত আই পি এলত তৃতীয়টো জয়ৰ সোৱাদ লাভ কৰিছে৷ আবু ধাবিত কালি ৰাজস্থান ৰয়েলছৰে খেলা মেচখনত অধিনায়ক বিৰাট কোহলিৰ অপৰাজিত অর্ধশতক তথা দেৱদূত পাড়িকালৰ দর্শনীয় ৬৩ ৰানৰ সহায়ত বাংগালুৰুৱে ৮ উইকেটত বিজয় সাব্যস্ত কৰে৷
মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ১৫৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি কোহলিৰ অপৰাজিত ৭২ আৰু পাড়িকালৰ ৬৩ ৰানৰ সহায়ত বাংগালুৰুৱে ১৯.১ অভাৰত দুটা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷ অ’পেনাৰ পাড়িকালে ৪৫টা বলত ৬টা চাৰি আৰু এটা ছয়েৰে ৬৩ ৰান কৰে যদিও আনগৰাকী অ’পেনাৰ আৰন ফিনছে মাত্র ৮ ৰান কৰি বিদায় লয়৷
দলীয় স্ক’ৰ ২৫ ৰানত ফিনছে বিদায় লয় যদিও পাড়িকাল আৰু কোহলিয়ে দ্বিতীয় উইকেটৰ যুটিত ৯৯ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ সুগম কৰি তোলে৷ কোহলিৰ ৫৩টা বলৰ ইনিংছটোত আছিল সাতটা চাৰি আৰু দুটা ছয়৷ ইফালে, ডি ভিলিয়ার্ছে ১২ ৰান কৰি অপৰাজিত হৈ থাকে৷ মন কৰিবলগীয়া যে প্রথমকেইখন মেচত সম্পূর্ণ ব্যর্থ হোৱা কোহলিয়ে অর্ধশতকীয় ইনিংছ খেলি ছন্দলৈ ওভতাৰ ইংগিত দিয়ে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি মহিপাল ল’মৰোৰ ৪৭, টেৱাটিয়াৰ অপৰাজিত ২৪ আৰু অ’পেনাৰ বাটলাৰৰ ২২ ৰানৰ সহায়ত ৰাজস্থানে নির্ধাৰিত ২০ অভাৰত ৬ উইকেটত ১৫৪ ৰান কৰে৷ অধিনায়ক স্মিথে ৫, ছেমছনে ৪, উথাপ্পাই ১৭ আৰু ৰিয়ান পৰাগে ১৬ ৰান কৰে৷ বাংগালুৰুৰ হৈ য়ুজৱেন্দ্র ছাহালে সর্বাধিক তিনিটা উইকেট লয়৷