প্রত্যাৱর্তন কঠিন হ’ব যদিও ইয়াৰ বাবে সাজু আছোঁঃ শ্রেয়াছ
নিয়মীয়া বাৰ্তা ১৬ মেঃ ক’ৰোনা ভাইৰাছৰ বাবে বর্তমান ক্রিকেট প্রতিযোগিতা বন্ধ হৈ আছে যদিও পুনৰ যেতিয়া ক্রিকেট আৰম্ভ হ’ব তেতিয়া প্রত্যাৱর্তন কৰাটো সহজ নহ’ব৷– এই মন্তব্য কৰিছে ভাৰতীয় ক্রিকেট দলটোৰ মিডল অর্ডাৰ বেটছমেন শ্রেয়াছ আয়াৰে৷ পুনৰ ক্রিকেট খেলাৰ বাবে অধীৰ অপেক্ষা কৰি থকা শ্রেয়াছে কয় যে বিগত দুমাহ ধৰি ক্রিকেট প্রতিযোগিতাসমূহ বন্ধ হৈ থকাৰ লগতে খেলুৱৈসকলেও সম্পূর্ণৰূপে অনুশীলন কৰিব পৰা নাই৷ ঘৰতে পার্যমানে অনুশীলন চলাইছে যদিও সেয়া পর্যাপ্ত নহয় বুলি উল্লেখ কৰি মুম্বাইৰ বেটছমেনগৰাকীয়ে কয় যে পুনৰ ক্রিকেট খেল আৰম্ভ হ’লে খেলুৱৈসকলে প্রত্যাহ্বানৰ সন্মুখীন হ’ব আৰু এই প্রত্যাহ্বান গ্রহণ কৰাৰ বাবে তেওঁ সম্পূর্ণৰূপে সাজু আছে বুলি কয়৷