নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৰ্ণাংগ অধিনায়ক হিচাপে দায়িত্ব লাভৰ পিছতে ৰোহিতৰ অনন্য অভিলেখ

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ ভাৰতীয় দলৰ পূৰ্ণাংগ অধিনায়ক হিচাপে দায়িত্ব লাভৰ পিছতে অনন্য কৃতিত্বৰ অধিকাৰী হল ৰোহিত শৰ্মা। শ্ৰীলংকাৰ বিৰুদ্ধে চলি থকা টি-20 মেচত এই অভিলেখৰ অধিকাৰী হয় ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা। আজি অনুষ্ঠিত প্ৰথমখন মেচত ৩৭ ৰান কৰাৰ লগে লগে এই অভিলেখৰ অধিকাৰী হয় অধিনায়কজন। টি-20 ক্ৰিকেটত সৰ্বাধিক ৰান কৰাৰ অভিলেখ গঢ়ে ৰোহিতে। ইয়াৰ লগে নিউজিলেণ্ডৰ মাৰ্টিল গাপ্টিল আৰু বিৰাট কোহলিক অতিক্ৰমি ৰোহিত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিণত হয়। ৰোহিতে এই কৃতিত্ব অৰ্জন কৰিবলৈ ১২৩খন মেচ খেলে। বৰ্তমান ৰোহিতৰ টি-20ত মুঠ ৰান হল ৩৩০৭। ৰোহিতে টি-২০ কেৰিয়াৰত ৪টা শতক, ২৬টা অৰ্ধশতক কৰাৰ বিপৰীতে এতিয়ালৈ ১৫৫টা ছিক্সাৰ কোবাবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে নিউজিলেণ্ডৰ গাপ্টিলে ৩২৯৯ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থানত আৰু ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে ৩২৯৬ ৰান সংগ্ৰহ কৰি তৃতীয় স্থানত আছে।

You might also like