অভিলেখ বিৰাটৰ
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ এদিনীয়া ক্রিকেটত আন এক অভিলেখ ৰচিলে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ সম্প্রতি ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ মঙলবাৰে পুনেত হৈ যোৱা প্রথমখন মেচত ৫০ ৰান কৰাৰ লগে লগে কোহলিয়ে এক বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়৷ গৃহভূমিত মাত্র ১৯৫টা ইনিংছত ১০ হাজাৰ আন্তর্জাতিক ৰান কৰি কোহলিয়ে অষ্ট্রেলিয়াৰ প্রাক্তন অধিনায়ক ৰিকী পণ্টিং আৰু ভাৰতৰ কিংবদন্তি খেলুৱৈ শচীন তেণ্ডুলকাৰৰ অভিলেখটো ভংগ কৰে৷ পণ্টিঙে গৃহভূমিত ২১৯টা ইনিংছত ১০ হাজাৰ ৰান পূর্ণ কৰাৰ বিপৰীতে তেণ্ডুলকাৰে গৃহভূমিত ২২৩টা ইনিংছত এই গৌৰৱ অর্জন কৰিছিল৷ কোহলি, পণ্টিং আৰু শচীনৰ পিছত শ্রীলংকাৰ মাহেলা জয়াৱর্ধনে আৰু কুমাৰ ছাংগাকাৰা, দক্ষিণ আফ্রিকাৰ জেক কালিছে গৃহভূমিত কম ইনিংছত ১০ হাজাৰ আন্তর্জাতিক ৰান কৰিছিল৷ জয়াৱর্ধনে ২২৪টা ইনিংছত, ছাংগাকাৰাই ২২৯টা ইনিংছত আৰু কালিছে ২৩৬টা ইনিংছত এই কৃতিত্ব অর্জন কৰিছিল৷