নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋষভ পণ্টক উইকেটকীপাৰৰ দায়িত্ব দিয়া উচিত

নিয়মীয়া বাৰ্তা ২২ মেঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনৰ লগতে ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ঋষভ পণ্টক ভাৰতীয় দলটোৰ উইকেটকীপাৰৰ দায়িত্ব দিয়া উচিত৷ এই মন্তব্য আগবঢ়াইছে ভাৰতীয় দলটোৰে উইকেটকীপাৰ, বেটছমেন ঋদ্ধিমান সাহাই৷ ডব্লিউ টি চিৰ ফাইনেল আৰু ইংলেণ্ডৰে খেলিবলগীয়া টেষ্ট শৃংখলাটোৰ বাবে ঋদ্ধিমানৰ লগতে ঋষভ পণ্টেও ভাৰতীয় দলটোত স্থান লাভ কৰিছে যদিও দলটোৰ উইকেটকীপাৰ সন্দর্ভত ঋদ্ধিমানে আজি কয় যে ঋষভ পণ্টক অগ্রাধিকাৰ দিয়া উচিত৷ প্রতিভাৱান উইকেটকীপাৰ, বেটছমেনগৰাকীয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ কেইবাখনো মেচত অংশগ্রহণ কৰিছে আৰু উন্নত প্রদর্শন দাঙি ধৰিবলৈও সক্ষম হৈছে৷ গতিকে ইংলেণ্ডত প্রথমে পণ্টক উইকেটকীপাৰৰ দায়িত্ব দিয়া উচিত৷ অৱশ্যে তেওঁ অপেক্ষা কৰিব আৰু সুযোগ পালে টীম ইণ্ডিয়াৰ উইকেটকীপাৰৰ দায়িত্ব গ্রহণ কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰে৷ উল্লেখ্য যে টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত ছাউদাম্পটনত ১৮ জুনৰ পৰা ডব্লিউ টি চিৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব আৰু ইয়াৰ পিছতে বিৰাট বাহিনীয়ে ইংলেণ্ডৰ বিপক্ষে পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ভাগ ল’ব৷

You might also like