কোহলিয়ে দলত স্থান হেৰুওৱাৰ ভয়ত তেওঁৰ কেৰিয়াৰ ধ্বংস কৰিছিল, ৰোহিত শৰ্মাৰ এটা সুযোগতে সলনি হ’ল তেওঁৰ ভাগ্য
নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ ভাৰতীয় দলটোৰ নতুন দায়িত্বত অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ আগমনৰ লগে লগে সুন্দৰ প্ৰদৰ্শন আৰম্ভ কৰা দেখা গৈছে। ৰোহিত আৰু দ্ৰাবিড়ে নিৰন্তৰ চেষ্টা কৰি বিভিন্ন নতুন খেলুৱৈক দলত সুযোগ দিবলৈ আৰু তেওঁলোকৰ পৰা সৰ্বশ্ৰেষ্ঠ পাৰ্ফমেন্স উলিয়াবলৈ নিৰন্তৰ চেষ্টা কৰিছে।
এই মুহূৰ্তত নতুন দায়িত্বত দ্ৰাবিড় আৰু ৰোহিতৰ আগমনৰ লগেলগে সলনি হৈছে এজন খেলুৱৈৰ ভাগ্য। তেওঁ হৈছে শ্ৰেয়াছ আয়াৰ। প্ৰশিক্ষক দ্ৰাবিড়ে আয়াৰক যথেষ্ট সুযোগ দিছে আৰু তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে বৃহৎ প্ৰত্যাহ্বানমূলক মেচত নিজৰ সম্পূৰ্ণ উজাৰি আত্মপ্ৰকাশ কৰিছে।
মন কৰিবলগীয়া যে প্ৰাক্তন অধিনায়ক কোহলিয়ে তেওঁৰ দলত নিজৰ স্থান হেৰুওৱাৰ ভয়তে আয়াৰক সুযোগ দিয়া নাছিল।