ৰোহিত শর্মাক ধোনীৰে তুলনা ৰাইনাৰ
নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ নেতৃত্বৰ দক্ষতাক প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীৰ সৈতে তুলনা কৰিছে সুৰেশ ৰাইনাই৷ ভাৰতৰ একালৰ ষ্টাইলিছ বাঁওহতীয়া বেটছমেনগৰাকীয়ে ষ্টাৰ স্প’টছৰ এক অনুষ্ঠানত কয় যে ৰোহিত শর্মা হ’ল ভাৰতীয় ক্রিকেট দলৰ পৰৱর্তী এম এছ ধোনী৷ ‘ধোনীৰ নেতৃত্বৰ সৈতে ৰোহিতৰ যথেষ্ট সাদৃশ্য আছে৷ ধোনীৰ দৰেই ৰোহিতেও খেলপথাৰত শান্ত–সমাহিত হৈ থাকি সঠিক সিদ্ধান্ত গ্রহণ কৰিব পাৰে৷ খেলুৱৈসকলৰ দিহা–পৰামর্শ গ্রহণ কৰি পৰিস্থিতি অনুসৰি সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত ৰোহিত যথেষ্ট পাকৈত৷ এছিয়া কাপত ভাৰত চেম্পিয়ন হোৱাৰ সময়ত মই তেওঁৰ অধীনত খেলাৰ সুযোগ লাভ কৰিছিলোঁ৷ সেই সময়ত মই মন কৰিছিলোঁ যে ৰোহিতে শার্দুল ঠাকুৰ, ৱাশ্বিংটন সুন্দৰ, য়ুজবেন্দ্র ছাহাল আদিৰ দৰে যুৱ খেলুৱৈসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল৷’ ৰাইনাই এইদৰে কয়৷ উল্লেখ্য যে ৰোহিত শর্মা হ’ল আই পি এলৰ ইতিহাসত সবাতোকৈ সফল অধিনায়ক৷ মুম্বাই ইণ্ডিয়ানছৰ হৈ তেওঁ অভিলেখসংখ্যক চাৰিবাৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে৷ আই পি এলত মুম্বাই ইণ্ডিয়ানছক ১০৪খন মেচত নেতৃত্ব দি ৰোহিতে ৬০খনত জয়ৰ মুখ দেখিছে৷ বিৰাট কোহলিৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দি অহা ৰোহিতে অধিনায়ক হিচাপে ২০১৮ত শ্রীলংকাত নিডাহাছ ট্রফী আৰু এছিয়া কাপত ভাৰতৰ হৈ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল৷ এতিয়ালৈকে তেওঁ ১০খন এদিনীয়া আৰু ১৯খন টি–২০ত ভাৰতক নেতৃত্ব দিছে৷