অনুশীলনত নামিল ৰোহিত শর্মা
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ ১৪ দিনৰ কোৱাৰেণ্টাইন সম্পূর্ণ কৰি বুধবাৰে টীম ইণ্ডিয়াৰ শিবিৰত যোগ দিয়া ৰোহিত শর্মাই আজিৰে পৰা অনুশীলন আৰম্ভ কৰিছে৷ বেটিং প্রশিক্ষক বিক্রম ৰাথোড়ৰ তত্ত্বাৱধানত তাৰকা বেটছমেনগৰাকীয়ে মেলব’নত অনুশীলন চলাই থকাৰ ভিডি’ বি চি চি আয়ে প্রকাশ কৰিছে৷ ভিডি’টোত দেখিবলৈ পোৱা অনুসৰি তাৰকাগৰাকীয়ে বেটিঙৰ লগতে ফিল্ডিং অনুশীলনতো অংশ লয়৷ ৩৩ বছৰীয়া ৰোহিতে অনুশীলন আৰম্ভ কৰিলেও টীম ইণ্ডিয়াৰ আন সতীর্থসকল সম্প্রতি দুদিনৰ বিশ্রামত আছে৷
উল্লেখ্য যে আঘাতৰ বাবে টি–২০ আৰু এদিনীয়া শৃংখলাৰ লগতে শেহতীয়া দুখন টেষ্টৰ পৰা বাহিৰ হোৱা আক্রমণাত্মক বেটছমেনগৰাকীক ছিডনী টেষ্টত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে ৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ছিডনী টেষ্টৰ পূর্বে তেওঁ শাৰীৰিক সক্ষমতা প্রমাণ কৰিব লাগিব৷ ইয়াৰ অংশস্বৰূপে ৰোহিতে আজিৰে পৰা মেলব’ন ক্রিকেট গ্রাউণ্ডত কঠোৰ অনুশীলন আৰম্ভ কৰিছে৷