মুম্বাই ইণ্ডিয়ানছৰ হৈ ইনিংছ মুকলি কৰিব ৰোহিতে
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ২৬ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পঞ্চদশ সংস্কৰণটোলৈ সম্পূর্ণৰূপে সাজু হৈছে৷ বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতাখনলৈ মাজতে মাথোঁ দুটা দিন বাকী থকা অৱস্থাত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাই প্রতিভাৱান উইকেটকীপাৰ বেটছমেন ঈশান কিশনৰ সৈতে ইনিংছ মুকলি কৰিব৷
এক সংবাদ মেলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাই এই কথা স্পষ্ট কৰে৷ আই পি এলৰ বিগত কেইটামান ছিজনত ৰোহিত শর্মা চতুর্থ স্থানত বেটিং কৰিবলৈ আহিছিল যদিও এইবাৰ তেওঁ দলটোৰ হৈ ইনিংছ মুকলি কৰিব বুলি উল্লেখ কৰে৷
সংবাদ মেলত সূর্যকুমাৰ যাদৱৰ ফিটনেছ সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত অধিনায়ক ৰোহিত শর্মাই কয় যে বর্তমান প্রতিভাৱান বেটছমেনগৰাকীয়ে আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ কৰা নাই৷ সূর্যকুমাৰ ৰাষ্ট্রীয় ক্রিকেট একাডেমীতে আছে আৰু এন চি এৰ পৰা অনুমতি লাভ কৰিলেই তেওঁ দলত যোগদান কৰিব বুলি ৰোহিত শর্মাই কয়৷
ইফালে আই পি এলৰ প্রতিখন মেচতে খেলি যাব বিচাৰিছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাই৷ ২০২০ আৰু ২০২১ চনৰ আই পি এলৰ আটাইকেইখন মেচত অংশগ্রহণ কৰিব নোৱৰা ৰোহিত শর্মাই কয় যে তেওঁ এইবাৰ গোটেইকেইখন মেচ খেলাৰ লক্ষ্য লৈছে৷