মানচেষ্টাৰ ইউনাইটেডত চুক্তিবদ্ধ ৰুনীৰ ১১ বছৰীয়া পুত্র কাই
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ পেছাদাৰী ফুটবললৈ আগমন ঘটিছে জুনিয়ৰ ৰুনীৰ৷ মানচেষ্টাৰ ইউনাইটেডৰ হৈ দুভৰিৰ যাদুৰে বিশ্বৰ অগণন ফুটবলপ্রেমীৰ মন জয় কৰা ইংলেণ্ডৰ তাৰকা ৱেইন ৰুনীৰ ১১ বছৰীয়া পুত্র কাইক দেখিবলৈ পোৱা যাব বিশ্বৰ আগশাৰীৰ ফুটবল ক্লাব মানচেষ্টাৰ ইউনাইটেডত৷ পিতৃৰ পদাংক অনুসৰণ কৰি প্রতিভাৱান ফুটবলাৰগৰাকীয়ে ক্লাবটোৰ সৈতে চুক্তিবদ্ধ হৈছে৷
পিতৃৰ দৰে কাইয়েও মানচেষ্টাৰ ইউনাইটেডৰ ১০ নম্বৰ জার্ছি পৰিধান কৰিব৷ পুত্রৰ এই সাফল্যক লৈ গৌৰৱান্বিত পিতৃ ৰুনীয়ে টুইটাৰত কৈছে যে তেওঁৰ পৰিয়ালৰ বাবে আজিৰ দিনটো এক গৌৰৱৰ দিন৷ উল্লেখ্য যে ইংলেণ্ডৰ সর্বকালৰ সর্বাধিক গ’লদাতা ৰুনীয়ে ২০০৪ চনতে এভাৰটন ত্যাগ কৰি মানচেষ্টাৰ ইউনাইটেডত যোগ দিছিল৷ ইয়াৰ পিছত তেওঁ পৰৱর্তী ১৩ বছৰ ধৰি ক্লাবটোৰ হৈ দুর্দান্ত প্রদর্শনেৰে ২৫৩টা গ’ল কৰিবলৈ সক্ষম হৈছিল৷