গ’ল্ফ ক’ৰ্চত শচীন–লাৰাৰ মুখামুখি
নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ দীর্ঘদিনৰ মূৰত পুনৰ এবাৰ খেলপথাৰত পৰস্পৰৰ সন্মুখীন হ’ল শচীন তেণ্ডুলকাৰ আৰু ব্রায়ান লাৰা৷ অৱশ্যে এইবাৰ ক্রিকেটৰ পথাৰৰ সলনি গ’ল্ফ ক’ৰ্চতহে দুই কিংবদন্তী সমুখ সমৰত নামে৷ প্রায় তিনি দশক পূর্বে পৰস্পৰৰ বিৰুদ্ধে ক্রিকেটৰ পথাৰত প্রথমবাৰৰ বাবে মুখামুখি হোৱা ভাৰতৰ কিংবদন্তী বেটছমেন তেণ্ডুলকাৰ আৰু ৱেষ্ট ইণ্ডিজৰ একালৰ মহান বেটছমেন লাৰাই ছাউথ চেন্ট্রেল মুম্বাইৰ ৱেলিংডন স্প’টছ ক্লাবত কিছু সময়ৰ বাবে গ’ল্ফ খেলি ক্রিকেটৰ পথাৰৰ মধুৰ স্মৃতিসমূহ ৰোমন্থন কৰে৷
টেষ্ট ক্রিকেটৰ এটা ইনিংছত ৪০০ ৰান সংগ্রহ কৰা বিশ্বৰ একমাত্র বেটছমেন লাৰাক প্রশংসা কৰি তেণ্ডুলকাৰে টুইটাৰত কৈছে যে ১৯৯০ চনত টৰণ্টোত এখন প্রদর্শনীমূলক মেচত তেওঁ প্রথমবাৰৰ বাবে ৱেষ্ট ইণ্ডিজৰ তাৰকাগৰাকীৰ বিৰুদ্ধে অৱতীর্ণ হৈছিল৷ আজি ৩০ বছৰ পিছত কিংবদন্তী খেলুৱৈগৰাকীৰ বিৰুদ্ধে প্রথমবাৰৰ বাবে গ’ল্ফ খেলাৰ সুযোগ লাভ কৰি নথৈ আনন্দিত বুলি তেণ্ডুলকাৰে লগতে উল্লেখ কৰে৷ আই পি এলৰ ধাৰা বিৱৰণীৰ বাবে বিগত প্রায় দুমাহ ধৰি দক্ষিণ মুম্বাইৰ ত্রিডেণ্ট হোটেলত থকা লাৰাই শচীনৰ অনুৰোধ ৰক্ষা কৰি আজি ৱেলিংডন স্প’টছ ক্লাবত কিছু সময়ৰ বাবে তেণ্ডুলকাৰৰ সৈতে গ’ল্ফ খেলি সময় পাৰ কৰে৷