নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্ৰ অৰ্জুনৰ খেল নাচায় মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে! কিন্তু কিয়?

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন শচীন তেণ্ডুলকাৰে তেওঁৰ পুত্ৰ অৰ্জুনৰ ক্ৰিকেট উন্নত হোৱা চাব বিচাৰে। কিন্তু তেওঁ নিজ পুত্ৰৰ যিকোনো খেল চাবলৈ নাযায়। মাষ্টাৰ ব্লাষ্টাৰে জনাইছে যে যেতিয়া তেওঁৰ পুত্ৰই কোনো এখন মেচ খেলিবলৈ খেলপথাৰত নামে, তেণ্ডুলকাৰে সেই খেল উপভোগ নকৰে। উল্লেখ্য যে এই বছৰ আই পি এলৰ ১৫ তম ছিজনৰ বাবে মেগা নিলামত মুম্বাই ইণ্ডিয়ানছে অৰ্জুনক ক্ৰয় কৰিছে।

প্ৰাক্তন ভাৰতীয় বেটছমেন শচীন তেণ্ডুলকাৰে তেওঁৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ খেল নোচোৱা সন্দৰ্ভত কয় যে তেওঁ বিচাৰে যে অৰ্জুনে খেলপথাৰক আৰু ক্ৰিকেটক ভাল পাবলৈ শিকক। অৰ্জুন বৰ্তমান মুম্বাইৰ ৰঞ্জী দলৰ অংশ আৰু মুম্বাই ইণ্ডিয়ানছে আই পি এলৰ মেগা নিলামত ৩০ লাখ টকাত ক্ৰয় কৰিছিল।

ইয়াৰ লগতে শচীনে কয়- “যেতিয়া অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ খেল চায়, তেতিয়াই সন্তানৰ ওপৰত তাৰ চাপ বৃদ্ধি হয়। সেয়েহে মই অৰ্জুনৰ খেল নাচাও। মই বিচাৰো যে তেওঁ ক্ৰিকেটক ভাল পোৱাৰ স্বাধীনতা থাকক আৰু অৰ্জুনে তেওঁ কি কৰিব বিচাৰে তাৰ ওপৰত গুৰুত্ব দিয়ক। তেওঁ তেওঁৰ নিজৰ খেলত মনোনিবেশ কৰিব লাগিব।”

You might also like