ৰবি শাস্ত্ৰীৰ জন্মদিনত কি বুলি শুভেচ্ছা জনালে তেণ্ডুলকাৰে, কিয় ৰস পালে অনুৰাগীয়ে
বিশেষ বাৰ্তা, ২৮ মেঃ শুকুৰবাৰে ৬০ বছৰ সম্পূৰ্ণ কৰে টীম ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে। জন্মদিনৰ শুভেচ্ছা বাৰ্তাই ভৰি পৰে ছ’চিয়েল মিডিয়া। তেওঁক শুভকামনা জনোৱা সকলৰ ভিতৰত আছিল কিংবদন্তী খেলুৱৈ তথা শাস্ত্ৰীৰ খেলৰ দিনৰ সতীৰ্থ শচীন তেণ্ডুলকাৰ। তেণ্ডুলকাৰৰ জন্মদিনৰ শুভেচ্ছা আছিল হাস্যমধুৰ আৰু শাস্ত্ৰীৰ সঁহাৰিয়েও একেই মনোৰঞ্জন দিয়ে অনুৰাগীক। ‘এজন সতীৰ্থ আৰু বন্ধুলৈ জন্মদিনৰ শুভেচ্ছা থাকিল, যিয়ে ক্ৰিকেটকে উশাহ হিচাপে লয় আৰু ক্ৰিকেটতে জীয়াই থাকে। আৰু ক্ৰিকেটৰ নানা বিষয়ে আলোচনা কৰিবলৈ সদায় উপস্থিত থাকে মোৰ সৈতে।’ তেণ্ডুলকাৰে লগতে লিখিছে,”আশা কৰোঁ ডাক্তৰে পৰামৰ্শ দিয়াৰ দৰেই আপুনি দিনটো উদযাপন কৰিছে, ৰবি!”
Thank you, Big Boss. Means a lot.
The doctor has prescribed more time with friends. See you soon ? https://t.co/gNxzqJqppK
— Ravi Shastri (@RaviShastriOfc) May 27, 2022
সঁহাৰিত শাস্ত্ৰীয়ে শচীনক বিগ বছ বুলি সম্বোধন কৰি ধন্যবাদ জনায়। লগতে কয়- “ডাক্তৰে বন্ধু-বান্ধৱীৰ সৈতে অধিক সময় কটাব দিছে। সোনকালে লগ পাম।” সদায়ে দলীয় খেলুৱৈ হিচাপে পৰিচিত শাস্ত্ৰী ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৰ অংশ আছিল। ১৯৮৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত সুনীল গাভাস্কাৰ নেতৃত্বাধীন ভাৰতে জয়লাভ কৰা প্লেয়াৰ অফ দ্য ছিৰিজতো আছিল ৰবি। অৱসৰৰ পিছত শাস্ত্ৰীয়ে ক্ৰিকেটৰ ধাৰাভাষ্যকাৰ হিচাপে বিখ্যাত হৈ পৰে আৰু তাৰ পিছত তেওঁ ছিনিয়ৰ টীমৰ প্ৰশিক্ষক হিচাপে কাম কৰে।