ক’ৰোনাত মৃত্যু দিল্লীৰ প্রাক্তন ক্রিকেটাৰ সঞ্জয় ধ’বালৰ
নিয়মীয়া বাৰ্ত, ৩০ জুনঃ ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক সাবটিলে দিল্লীৰ প্রাক্তন ক্রিকেটাৰ সঞ্জয় ধ’বালে৷ মৃত্যুৰ সময়ত প্রাক্তন ক্রিকেটাৰগৰাকীৰ বয়স আছিল মাত্র ৫২ বছৰ৷ দিল্লী দলটোৰ প্রশিক্ষকৰূপেও কার্যভাৰ গ্রহণ কৰা সঞ্জয়ৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে দিল্লী এণ্ড ডিষ্ট্রিক্ট ক্রিকেট এছ’চিয়েচনে৷
সঞ্জয় ধ’বাল বিগত কেইদিনমান ধৰি নিম’নিয়াত ভুগি আছিল আৰু পিছত তেওঁ ক’ৰোনাত আক্রান্ত হোৱাটো নিশ্চিত হৈ পৰিছিল৷ ইফালে, দলটোৰ সঞ্চালক অসীম গুপ্তায়ো ক’ৰোনাত আক্রান্ত হৈ মৃত্যুবৰণ কৰিছে৷ দিল্লী দলটোৰ প্রাক্তন ক্রিকেটাৰগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰিছে দিল্লী দলটোৰে খেলুৱৈ মিথুন মানহাছে৷
ইফালে, ক’ৰোনাত আক্রান্ত হৈ থকাৰ সময়ত সঞ্জয়ক সহায় কৰাৰ বাবে ভাৰতৰ প্রাক্তন ক্রিকেটাৰ গম্ভীৰ আৰু আকাশ চোপ্রাই জনসাধাৰণক সহায়ৰ আহ্বান জনাইছিল৷