ড’প পৰীক্ষাত ব্যৰ্থঃ দুবছৰৰ বাবে নিলম্বিত হ’ল সঞ্জিতা চানু
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী: ড’প পৰীক্ষাত ধৰা পৰিল ভাৰোত্তোলক সঞ্জিতা চানু৷ কমনৱেলথ গেমছত দুটাকৈ স্বর্ণপদক জয় কৰা চানুক দুবছৰৰ বাবে নির্বাসিত কৰিছে নেচনেল এণ্টি ড’পিং এজেন্সী চমুকৈ নাডাই৷ বিগত ছেপ্ঢেম্বৰ–অক্টোবৰত ৰাষ্ট্রীয় গেমছত ৪৯ কেজি বিভাগত ৰূপৰ পদক জয় কৰিছিল চানুৱে৷ সেই সময়ত নাডাৰ তৰফৰ পৰা তেওঁৰ প্রস্রাৱৰ নমুনা সংগ্রহ কৰিছিল৷ সেই পৰীক্ষাত তেওঁৰ ৰিপ’ট পজিটিভ বুলি চিহ্ণিত হৈছে৷ সেইবাবে চানুক খেলৰ ওপৰত প্রাথমিকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে নাডাই৷ নির্দোষ প্রমাণ নোহোৱাপর্যন্ত এই নির্বাসন অব্যাহত থাকিব৷
উল্লেখ্য যে ২০১৪ৰ কমনৱেলথ গেমছত ৪৮ কেজি বিভাগত স্বর্ণ জয় কৰিছিল চানুৱে৷ ইয়াৰ চাৰি বছৰৰ পিছত ২০১৮ৰ কমনৱেলথ গেমছত ৫৩ কেজিত স্বর্ণ জয় কৰে তেওঁ৷ মণিপুৰৰ ভাৰোত্তোলকগৰাকীৰ শৰীৰত ড্রষ্টানলন পোৱা গৈছে৷ এতিয়া চানুৱে নিজকে নির্দোষ প্রমাণ কৰিব লাগিব৷ যদি ইচ্ছাকৃতভাৱে তেওঁ নিষিদ্ধ ড্রাগছ গ্রহণ কৰাটো প্রমাণ হয়, তেনেহ’লে চাৰিবছৰলৈ নিষিদ্ধ হ’ব৷