বক্সাৰ সৰিতা দেৱী ক’ভিড পজিটিভ
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: প্রাক্তন বিশ্ব চেম্পিয়ন মণিপুৰী বক্সাৰ এল সৰিতা দেৱী মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ সোমবাৰে বক্সাৰগৰাকী আৰু তেওঁৰ স্বামী থৈবা সিঙৰ ক’ৰোনা টেষ্টৰ ফলাফল পজিটিভ অহা বুলি জানিব পৰা গৈছে৷ সম্প্রতি ইম্ফলত থকা সৰিতা আৰু তেওঁৰ স্বামী ক’ভিড পজিটিভ হ’লেও তেওঁলোকৰ সন্তানৰ ফলাফল নিগেটিভ আহিছে৷ উল্লেখ্য যে ক’ভিডত আক্রান্ত সৰিতা হ’ল দেশৰ দ্বিতীয়গৰাকী বক্সাৰ৷
ইয়াৰ পূর্বে এই ভাইৰাছত আক্রান্ত হৈছিল কিংবদন্তি পুৰুষ বক্সাৰ ডিংকো সিং৷ ৩৮ বছৰীয়া সৰিতা দেৱীয়ে পাঁচবাৰকৈ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত স্বর্ণ জয়ৰ লগতে এছিয়ান গেমছতো ব্রঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল৷ ২০০৬ত তেওঁ প্রথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল৷ কমনৱেলথ গেমছতো তাৰকা বক্সাৰগৰাকীয়ে ৰূপৰ পদক জয় কৰিছিল৷