নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা চেন্নাইত দ্বিতীয় টেষ্ট; ষ্টেডিয়ামত প্রৱেশ কৰিব দর্শক

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ প্রথম টেষ্টত ইংলেণ্ডৰ হাতত অপ্রত্যাশিত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত টীম ইণ্ডিয়া এতিয়া দ্বিতীয় টেষ্টলৈ পূর্ণোদ্যমে সাজু হৈছে৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অহা শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয় টেষ্টত বিৰাট কোহলি নেতৃত্বাধীন ঘৰুৱা দলটোৱে ইংৰাজ বাহিনীৰ বিৰুদ্ধে প্রতিশোধৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ মেচখনত অধিনায়ক বিৰাট কোহলিৰ সন্মানৰ কথাও জড়িত হৈ আছে৷

কিয়নো, তেওঁৰ নেতৃত্বত টীম ইণ্ডিয়াই একেৰাহে চতুর্থখন টেষ্টত পৰাজয়ৰ সন্মুখীন হৈছে৷ ২০২০ৰ আৰম্ভণিতে নিউজিলেণ্ডৰ মাটিত দুখন টেষ্টত পৰাস্ত হোৱাৰ পিছত অষ্ট্রেলিয়াৰ বিৰুদ্ধে প্রথম টেষ্টত কোহলি ব্রিগেড বিধ্বস্ত হৈছিল৷ কোহলিৰ নেতৃত্বত এডিলেইডত টীম ইণ্ডিয়াই মাত্র ৩৬ ৰানত অলআউট হোৱাৰ পিছত পৰৱর্তী তিনিখন টেষ্টত আজিংক্য ৰাহানেৰ নেতৃত্বত দলে ঐতিহাসিক সাফল্য অর্জন কৰে৷ এনে পৰিস্থিতিত অধিনায়ক হিচাপে কোহলি যথেষ্ট চাপৰ সন্মুখীন হোৱাটো নিশ্চিত হৈছে৷

ইফালে, টীম ইণ্ডিয়াই দ্বিতীয় টেষ্টত কিছু সালসলনিৰে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷ বিশেষকৈ প্রথম টেষ্টত ব্যর্থ হোৱা অফ স্পীনাৰ শ্বাহবাজ নদিমৰ স্থানত অক্ষৰ পেটেল অথবা কুলদীপ যাদৱে সুযোগ পোৱাটো একপ্রকাৰ নিশ্চিত৷ দলীয় মেনেজমেণ্টে শেষ মুহূর্তত ঈশান্ত শর্মাক বাদ দি মহম্মদ চিৰাজক মূল একাদশত অন্তর্ভুক্ত কৰাৰো সম্ভাৱনা আছে৷

ইফালে, মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱৰ পাছত দেশত প্রথমবাৰৰ বাবে ষ্টেডিয়ামত দর্শক দেখিবলৈ পোৱা যাব৷ শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয় টেষ্টত ৫০ শতাংশ দর্শকৰ প্রৱেশত অনুমতি দিছে তামিলনাডু ক্রিকেট সন্থাই৷ ক’ভিড প্রট’কল অনুসৰণ কৰি ষ্টেডিয়ামৰ গেলেৰীত দর্শকৰ মাজত সামাজিক দূৰত্ব বর্তাই ৰখাৰো ব্যৱস্থা কৰা হৈছে৷ মন কৰিবলগীয়া যে শৃংখলাত পিছপৰি থকা টীম ইণ্ডিয়াই দ্বিতীয় টেষ্টতো পৰাজয়ৰ সন্মুখীন হ’লে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথ একপ্রকাৰ ৰুদ্ধ হৈ পৰিব৷

You might also like