প্রথমগৰাকী ভাৰতীয় হিচাপে অভিলেখ ছাইলীৰ; ২০ বছৰ অনূর্ধ্ব বিশ্ব এথলেটিকছৰ লং জাম্পত ৰূপ জয়
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: ২০ বছৰ অনূর্ধ্ব বিশ্ব এথলেটিক্ছৰ লং জাম্পত ৰূপৰ পদক জয় কৰি প্রথমগৰাকী ভাৰতীয় হিচাপে অভিলেখ গঢ়িলে ছাইলী সিঙে৷ নাইৰোবিত পূর্ণগতিত চলি থকা প্রতিযোগিতাখনৰ আজি অনুষ্ঠিত মহিলাৰ লং জাম্পত মাত্র ০.১ চেণ্টিমিটাৰৰ বাবে স্বর্ণপদক জয় কৰাৰ পৰা বঞ্চিত হয় ভাৰতৰ প্রতিভাৱান এথলিটগৰাকী৷ ঝাঞ্চিৰ ১৭ বছৰীয়া ছাইলী সিঙে ফাইনেলত ৬.৫৯ মিটাৰ জঁপিয়াই দ্বিতীয় স্থান অধিকাৰ কৰি দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনে৷
অঞ্জু ববী জর্জৰ স্বামী ববী জর্জৰ দ্বাৰা প্রশিক্ষণ লৈ থকা ছাইলী সিঙে প্রতিযোগিতাখনৰ ইভেণ্টটোত ৬.৫৯ মিটাৰ জঁপিয়াই ২০ বছৰ অনূর্ধ্ব শাখাত নতুন ৰাষ্ট্রীয় অভিলেখো স্থাপন কৰে৷ ছাইলীয়ে তৃতীয়টো প্রচেষ্টাত ৬.৫৯ মিটাৰ জঁপিয়াই পদক নিশ্চিত কৰিছিল৷ এই শাখাত ছুইডেনৰ ১৮ বছৰীয়া মাজা আছকাগে ৬.৬০ মিটাৰ জপিয়াই স্বর্ণপদক দখল কৰে৷
উল্লেখ্য যে প্রতিযোগিতাখনত ভাৰতৰ এইটো আছিল তৃতীয়টো পদক৷ ছাইলীৰ পূর্বে ভাৰতৰ অমিত খত্রিয়ে পুৰুষৰ ১০ হাজাৰ মিটাৰ ৰেচ ৱাকত ৰূপৰ পদক লাভ কৰাৰ লগতে X৪০০ মিক্সড ৰীলে দৌৰত ভাৰতে ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷