নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বর্ণ জয়েৰে বিশ্ব বক্সিঙলৈ যোগ্যতা শিৱ থাপাৰ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিব নোৱাৰিলেও ৰাষ্ট্রীয় বক্সিঙত উজলি উঠিছে অসম সন্তান শিৱ থাপা৷ কর্ণাটকৰ বিলাৰিত মঙলবাৰে সামৰণি পৰা পঞ্চম বার্ষিক এলাইট পুৰুষ ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপত স্বর্ণপদক জয়েৰে অসমৰ অভিজ্ঞ বক্সাৰগৰাকীয়ে আগন্তুক আইবা পুৰুষ বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অর্জন কৰিছে৷

দুবাৰৰ অলিম্পিয়ান শিৱই ৬৩.৫ কেজিৰ ফাইনেলত দুর্দান্ত প্রদর্শনেৰে ছার্ভিচেছ স্প’টছ কণ্ড্রোল ব’ৰ্ডৰ দলবীৰ সিং টোমৰক ৫–০ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ডিফেণ্ডিং চেম্পিয়ন শিৱ থাপাই দলবীৰৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা আক্রমণাত্মক ৰূপ ধাৰণ কৰি মেচখনত সম্পূর্ণৰূপে আধিপত্য বিস্তাৰ কৰে৷

উল্লেখ্য যে ২০১৯ৰ ৰাষ্ট্রীয় বক্সিং চেম্পিয়ন অসমৰ বক্সাৰগৰাকীয়ে গোটেই প্রতিযোগিতাখনত চমকপ্রদ প্রদর্শনেৰে ক্রীড়াপ্রেমীৰ মন জয় কৰিবলৈ সক্ষম হয়৷ ছেমিফাইনেলত তেওঁ কালি উত্তৰ প্রদেশৰ শক্তিশালী প্রতিদ্বন্দ্বী অভিষেক যাদৱক ধৰাশায়ী কৰি শক্তিৰ পৰিচয় দিছিল৷ মন কৰিবলগীয়া যে আজি সামৰণি পৰা ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপৰ ১৩টা ইভেণ্টৰ স্বর্ণ বিজয়ী খেলুৱৈকেইগৰাকীয়ে আগন্তুক বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অর্জন কৰে৷ অহা ২৪ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ ছার্বিয়াত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব৷ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পাঁচবাৰৰ পদক বিজয়ী অসম সন্তান শিৱ থাপা বিশ্ব বক্সিঙত ভাৰতৰ শক্তিশালী পদকপ্রত্যাশী হিচাপে ৰিঙত নামিব৷

উল্লেখ্য যে মাত্র ১৮ বছৰ বয়সতে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ যোগ্যতা অর্জন কৰি ইতিহাস ৰচা অসমৰ প্রতিভাৱান বক্সাৰগৰাকীয়ে ২০১২ আৰু ২০১৬ৰ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰে যদিও সফলতাৰ মুখ নেদেখে৷ যোৱা মাহত অনুষ্ঠিত টকি’ অলিম্পিকলৈ যোগ্যতা অর্জনত ব্যর্থ হোৱা শিৱ থাপাই ২০২৪ৰ পেৰিছ অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি কঠোৰ অনুশীলন অব্যাহত ৰাখিছে৷ অর্জুন বঁটা বিজয়ী বক্সাৰগৰাকীয়ে অলিম্পিকৰ পূর্বে আগন্তুক বর্ষত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছ আৰু এছিয়ান গেমছত পদক জয়ৰ লক্ষ্য লৈছে৷

You might also like