নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱাংগীৰ তৃতীয়টো স্বর্ণ জয়

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ  অসমৰ উদীয়মান ছুইমিং তাৰকা শিৱাংগী শর্মাই ছিনিয়ৰ ৰাষ্ট্রীয় একুৱাটিক চেম্পিয়নশ্বিপত চাঞ্চল্যকৰ প্রদর্শন দাঙি ধৰিছে৷ বাংগালুৰুত শুকুৰবাৰে সামৰণি পৰা ৰাষ্ট্রীয় প্রতিযোগিতাখনত তেওঁ  তৃতীয়টো সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হয়৷ ২০০ মিটাৰ ফ্রী ষ্টাইল ইভেণ্টত চমকপ্রদ প্রদর্শনেৰে শিৱাংগীয়ে অসমৰ হৈ স্বর্ণ জয় কৰে৷ তেওঁ ২ মিনিট ৭.১০ ছেকেণ্ডত প্রথম স্থান অধিকাৰ কৰি সোণৰ পদকৰ গৰাকী হয়৷ ইয়াৰ পূর্বে শিৱাংগীয়ে ১০০ মিটাৰ ফ্রী ষ্টাইল আৰু ৪০০ মিটাৰ ফ্রী ষ্টাইলত স্বর্ণ জয় কৰিছিল৷

ইফালে, প্রতিযোগিতাখনৰ অন্তিম দিনা অসমৰ আস্থা চৌধুৰীয়ে ১০০ মিটাৰ বাটাৰ ফ্লাইত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়৷ আস্থাই ১ মিনিটত ৩.৮৩ ছেকেণ্ডত তেওঁ এই সফলতা অর্জন কৰিবলৈ সক্ষম হয়৷ প্রতিযোগিতাখনত অসমে ৪টা স্বর্ণপদক লাভ কৰাৰ লগতে এটা ৰূপ আৰু দুটা ব্রঞ্জসহ মুঠ ৭টা পদক অর্জন কৰে৷ ইয়াৰ পূর্বে অনুষ্ঠিত ছাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাষ্ট্রীয় ছুইমিং চেম্পিয়নশ্বিপতো সুন্দৰ প্রদর্শনেৰে অসমে ৯টা স্বর্ণ, ১১টা ৰূপ আৰু ১০টা ব্রঞ্জৰ পদক লাভ কৰিছিল৷

You might also like