নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ টীম ইণ্ডিয়াৰ হৈ খেলাৰ ইচ্ছা শ্রীশান্তৰ

নিয়মীয়া বাৰ্তা, ২২ জুনঃ পুনৰ টীম ইণ্ডিয়াৰ হৈ খেলাৰ ইচ্ছা ব্যক্ত কৰিছে পেছবলাৰ এছ শ্রীশান্তে৷ এক সংবাদ প্রতিষ্ঠানৰে হোৱা সাক্ষাৎকাৰত ভাৰতীয় দলটোৰ পৰা সম্প্রতি বহিষ্কাৰ হৈ থকা পেছ বলাৰগৰাকীয়ে কয় যে যদি নির্বাচক মণ্ডলীয়ে তেওঁক সুযোগ দিয়ে, তেতিয়াহ’লে তেওঁ ভাৰতীয় দলটোৰ  হৈ পুনৰ খেলিবলৈ সাজু আছে৷

২০২১ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত টীম ইণ্ডিয়াৰ হৈ খেলাৰ ইচ্ছা ব্যক্ত কৰি শ্রীশান্তে কয় যে বর্তমান তেওঁ ক্রিকেটলৈ প্রত্যাৱর্তন কৰাৰ বাবে পূর্ণ প্রস্তুতি চলাই আছে৷ ইপিনে, তেওঁৰ ওপৰত কেৰালা ক্রিকেট সংস্থাই জাৰি কৰা নিষেধাজ্ঞা অহা ছেপ্টেম্বৰ মাহত সমাপ্ত হ’ব আৰু ইয়াৰ পাছতেই তেওঁ ৰঞ্জি ট্রফীত কেৰালাক প্রতিনিধিত্ব কৰাৰ আশা ব্যক্ত কৰিছে৷

You might also like