নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচি মহিলা এদিনীয়া ক্রিকেটৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ স্মৃতি

ভাৰতীয় মহিলা ক্রিকেট টীমৰ অ’পেনাৰ স্মৃতি মান্ধানাক ২০২১ চনৰ আইচিচি মহিলা এদিনীয়া ক্রিকেটৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হৈছে৷ মান্ধনাই ২২খন আন্তঃর্জাতিক মেচত এটা শতক আৰু পাঁচটা অৰ্ধ শতকেৰে ৩৮.৮৬ চিত্তাকর্ষীয় গড়েৰে ৮৫৫ ৰাণ সংগ্ৰহ কৰিছে৷ ২০২১ চনত ভাৰতৰ কঠিন পৰিস্থিতি স্বত্তেও মান্ধনাৰ সংগ্ৰহ উক্ত বছৰটোত বাঢ়ি থাকে। দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সীমিত অভাৰৰ ছিৰিজত ভাৰতে আঠখন মেচৰ ভিতৰত মাত্র দুখনতহে জয়ী হৈছিল। এই দুয়োখন মেচৰ জয়ত মান্ধনাই মূখ্য ভূমিকা পালন কৰিছিল। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও খুব সুন্দৰ প্ৰদৰ্শন আছিল তেওঁৰ।

You might also like