নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্রিকা ক্রিকেট ব’ৰ্ডক নিলম্বন চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ আভ্যন্তৰীণ খেলিমেলি আৰু বিত্তীয় অনিয়মৰ বাবে দক্ষিণ আফ্রিকা ক্রিকেট ব’ৰ্ডক দেশখনৰ চৰকাৰে নিলম্বন কৰিছে৷ এই অনুসৰি এতিয়াৰে পৰা দেশখনৰ ক্রিকেটৰ সৈতে জড়িত সকলো গতিবিধি দক্ষিণ আফ্রিকা চৰকাৰে নিয়ন্ত্রণ কৰিব৷ চৰকাৰৰ এই হস্তক্ষেপৰ ফলত দক্ষিণ আফ্রিকা ক্রিকেট ব’ৰ্ড আই চি চিৰ দ্বাৰাও নিলম্বিত হোৱাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে ২০১৯ৰ জুলাইত আই চি চিয়ে জিম্বাব’ৱে আৰু নেপাল চৰকাৰৰ হস্তক্ষেপৰ বাবে দেশ দুখনৰ ক্রিকেট ব’ৰ্ডক নিলম্বিত কৰিছিল৷ অৱশ্যে অক্টোবৰত ডুবাইত অনুষ্ঠিত ব’ৰ্ডৰ বৈঠকত জিম্বাব’ৱে আৰু নেপালে আই চি চিৰ সদস্য পদ পুনৰ ওভতাই পাইছিল৷

মন কৰিবলগীয়া যে দক্ষিণ আফ্রিকা ক্রিকেট দলটো ১৯৭০ চনতো ২১ বছৰৰ বাবে নিলম্বিত হৈছিল৷ এই নিলম্বনৰ ম্যাদ অন্ত পেলাই দলটোৱে ১৯৯২ত প্রথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপ খেলাৰ সুযোগ পাইছিল৷ বর্ণ–বৈষম্য নীতিৰ বাবে দক্ষিণ আফ্রিকা চৰকাৰে দেশখনৰ ক্রিকেট দলটোক ২১ বছৰৰ বাবে নিলম্বিত কৰিছিল৷

You might also like