নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীলংকাৰে আজি পাল্লিকেলত অন্তিম টি-২০ টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জুলাইঃ টি–২০ শৃংখলাত ক্লীন ছুইপৰ লক্ষ্য লৈছে সূর্যকুমাৰ নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ ঘৰুৱা দল শ্রীলংকা আৰু টীম ইণ্ডিয়াৰ মাজৰ তিনিখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ আজি তৃতীয় তথা অন্তিমখন মেচ পাল্লিকেলত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে প্রথম দুয়োখন মেচতে জয়লাভ কৰি ২-০ৰ অগ্রগতিৰে শৃংখলা হস্তগত কৰা টীম ইণ্ডিয়াই আজিৰ মেচতো জয়লাভ কৰি শৃংখলাটোত ক্লীন ছুইপৰ লক্ষ্য লৈছে৷ আজিৰ মেচখনত সহঃ অধিনায়ক শুভমন গিলৰ অংশগ্রহণ অনিশ্চিত৷ সম্প্রতি ডিঙিৰ সমস্যাত ভুগি আছে গিলে৷ এই সমস্যাৰ বাবে গিলে দেওবাৰে হৈ যোৱা দ্বিতীয়খন মেচতো অংশগ্রহণ কৰিব পৰা নাছিল৷ গিলৰ স্থানত সঞ্জু ছেমছনক ভাৰতীয় দলটোৰ মূল একাদশত অন্তর্ভুক্ত কৰা হৈছে যদিও কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হৈছিল৷ আজিৰ মেচত টীম ইণ্ডিয়াৰ মূল একাদশত কোনো ধৰণৰ সালসলনি হোৱাৰ সম্ভাৱনা নাই৷ ইপিনে, শৃংখলাটোত হোৱাইট ৱাছৰ পৰা ৰক্ষা পাবলৈ শ্রীলংকাই আজিৰ মেচখনত জয়ৰ বাবে সকলো ধৰণৰ প্রচেষ্টা চলাব৷ ইপিনে, ২ আগষ্টৰ পৰা সিংহলী বাহিনীৰে খেলিবলগীয়া এদিনীয়া শৃংখলাত ভাগ লোৱাৰ বাবে ইতিমধ্যে শ্রীলংকাত উপস্থিত হৈছে অধিনায়ক ৰোহিত শর্মাৰ লগতে বিৰাট কোহলি৷ দুয়োগৰাকী তাৰকা ক্রিকেটাৰে কলম্বোত অনুশীলনত ভাগ লয়৷

You might also like