নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম ইণ্ডিয়াত পৃথক খেলুৱৈৰ বাবে পৃথক নিয়মঃ সুনীল গাভাস্কাৰ

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ অষ্ট্রেলিয়া ভ্রমণৰ মাজতে পিতৃত্বকালীন ছুটী লৈ দেশলৈ উভতি অহা টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক পুনৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে সুনীল গাভাস্কাৰে৷ বি চি চি আয়ে ভাৰতীয় খেলুৱৈৰ মাজত বৈষম্যমূলক আচৰণ কৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি একালৰ মহান বেটছমেনগৰাকীয়ে আজি কৈছে যে অধিনায়ক কোহলিক পিতৃ হোৱাৰ পূর্বেই বি চি চি আয়ে পিতৃত্বকালীন ছুটী দিয়াৰ বিপৰীতে নৱাগত বেগী বলাৰ টি নটৰাজনক পিতৃ হোৱাৰ পিছতো ছুটীৰ পৰা বঞ্চিত কৰিছে৷

টীম ইণ্ডিয়াত সম্প্রতি পৃথক খেলুৱৈৰ বাবে পৃথক নিয়মৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি গাভাস্কাৰে পুনৰ কয় যে আই পি এলৰ প্লে–ফ চলি থকাৰ সময়তে টি নটৰাজনে পিতৃত্বৰ গৌৰৱ অর্জন কৰিছিল৷ তেতিয়া তেওঁ দেশলৈ উভতি আহিবলৈ বি চি চি আইৰ ওচৰত আবেদন জনাইছিল যদিও নৱাগত খেলুৱৈগৰাকীক নেট বলাৰ হিচাপে অষ্ট্রেলিয়ালৈ প্রেৰণ কৰা হয়৷ ইয়াৰ ফলত তেওঁ টেষ্ট শৃংখলা সমাপ্ত হোৱাৰ পিছতহে অর্থাৎ জানুৱাৰীৰ তৃতীয় সপ্তাহতহে সদ্যোজাত কন্যা সন্তানক প্রথমবাৰৰ বাবে সাক্ষাতৰ সুযোগ পাব৷ এয়াই হ’ল ভাৰতীয় ক্রিকেট৷ য’ত পৃথক খেলুৱৈৰ বাবে পৃথক নিয়ম ধার্য কৰা হয়৷

You might also like