জে’লৰ ভিতৰত অলিম্পিক চাব সুশীলে
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ অৱশেষত জে’লৰ ভিতৰত টেলিভিছন উপভোগৰ অনুমতি লাভ কৰিলে বিতর্কিত মল্লযুঁজাৰু সুশীল কুমাৰে৷
খেল উপভোগ কৰিবলৈ জে’লৰ ভিতৰত টিভি বিচাৰি দুবাৰৰ অলিম্পিক পদক বিজয়ী তাৰকাগৰাকীয়ে যোৱা ২ জুলাইত আদালতৰ দ্বাৰস্থ হৈছিল যদিও দিল্লীৰ এখন আদালতে তেওঁৰ এই আবেদন খাৰিজ কৰিছিল৷
কিন্তু দিল্লী জে’ল কর্তৃপক্ষই আজি সমাগত অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি সুশীল কুমাৰক টেলিভিছন উপভোগৰ অনুমতি দিছে৷
উল্লেখ্য যে যুৱ মল্লযুঁজাৰু সাগৰ ৰানাক বর্বৰভাৱে প্রহাৰ কৰি হত্যাৰ অভিযোগত সুশীল কুমাৰক দিল্লী আৰক্ষীয়ে যোৱা ২৩ মে’ত গ্রেপ্তাৰ কৰিছিল৷ তেতিয়াৰে পৰা তেওঁ ৰঙাঘৰৰ আলহী হৈ আছে৷ এমাহ পূর্বে তাৰকা মল্লযুঁজাৰুগৰাকীক মাণ্ডোলী জে’লৰ পৰা তিহাৰ জে’ললৈ স্থানান্তৰ কৰা হৈছিল৷ আৰক্ষীয়ে তেওঁক সাগৰ ৰানা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আখ্যা দিছে৷