নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিহাৰ জেলৰ বন্দীসকলক মল্লযুদ্ধ শিকাইছে সুশীল কুমাৰে, লগতে দিছে ফিটনেছৰ পৰামৰ্শ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ৰাজধানী দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী দুবাৰৰ অলিম্পিক পদক বিজয়ী সুশীল কুমাৰে তেওঁৰ সহবন্দীসকলক মল্লযুদ্ধ আৰু শাৰীৰিক সুস্থতাৰ দক্ষতা শিকাব। কাৰাগাৰ কৰ্তৃপক্ষই শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰিছে। তিহাৰ কাৰাগাৰ প্ৰশাসনে জনোৱা মতে তেওঁলোকে পূৰ্বেই কুমাৰক ক্ৰীড়া কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছিল, কিন্তু দিল্লীত কভিড-১৯ৰ তৃতীয় ঢৌৰ বাবে ইয়াক পিছুৱাই দিব লগা হৈছিল।

সঞ্চালক প্ৰধান (দিল্লী কাৰাগাৰ) সন্দীপ গোৱেলে পিটিআইক কয়, “আমি ইতিমধ্যে এই বিষয়ক অনুমতি দিয়াৰ সিদ্ধান্ত লৈছিলো, কিন্তু কভিডৰ তৃতীয় ঢৌৰ বাবে আমি এইটো কৰিব নোৱাৰিলোঁ। এতিয়া পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত, কাৰাগাৰত নিয়মীয়া কাৰ্যকলাপ পুনৰ আৰম্ভ কৰা হৈছে। আমি সুশীল কুমাৰক আগ্ৰহী বন্দীসকলক মল্লযুদ্ধ আৰু অন্যান্য শাৰীৰিক কাৰ্যকলাপৰ ওপৰত প্ৰশিক্ষণ দিবলৈ অনুমতি দিছোঁ।”

তেওঁ লগতে কয় যে এই কাৰ্যই কাৰাবন্দীসকলক তেওঁলোকৰ দৈনন্দিন কাম-কাজত গুৰুত্ব দিয়াত সহায় কৰিব। উল্লেখ্য যে কভিডৰ তৃতীয় ঢৌৰ পূৰ্বে দিল্লী কাৰাগাৰ বিভাগে বিভিন্ন ক্ৰীড়াত তিহাৰৰ বন্দীসকলক পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছিল। ইয়াৰ অধীনত, ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ চিএছআৰ প্ৰকল্পৰ অধীনত, বন্দীসকলক ছটা ক্ৰীড়াত প্ৰশিক্ষণ দিয়া হৈছিল। এই খেলসমূহ আছিল – খো-খো, ভলীবল, বেডমিণ্টন, বাস্কেটবল, দবা আৰু কেৰম।

You might also like