বেংগালুৰুত আজি নির্ণায়ক টি–২০
নিয়মীয়া বাৰ্তা, ১৯জুনঃ যুৱ তাৰকাৰে গঠিত ভাৰতীয় দলটোৰ যথেষ্ট দুর্বল দিশ থাকিলেও আজি দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টি–২০ শৃংখলাৰ নির্ণায়ক মেচখনত ফেভাৰিট ৰূপে অৱতীর্ণ হ’ব টীম ইণ্ডিয়া৷ মাত্র ৮ দিনৰ ভিতৰত ভাৰতে চাৰিখন মেচত অৱতীর্ণ হৈছে৷ ইয়াৰে প্রথম দুখন মেচত পৰাজিত হোৱাৰ পিছত ঋষভ পণ্ট নেতৃত্বাধীন দলটোৱে শেহতীয়া দুখন মেচত জয়লাভ কৰি ২–২ ব্যৱধানত সমতা স্থাপন কৰিছে৷ ইয়াৰে তৃতীয়খন মেচত ভাৰতীয় দলটো ৪৭ ৰানত বিজয়ী হোৱাৰ পিছত চতুর্থখন মেচত ৮২ ৰানত বিজয়ী হৈছে৷ মেচ দুখনত দীনেশ কার্তিকে প্রত্যাশা অনুসৰি সুন্দৰ প্রদর্শন আগবঢ়োৱাৰ লগতে হর্ষল পেটেল আৰু আভেছ খানেও নিজকে সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় অনুৰাগীসকলে য়ুজবেন্দ্র চাহালৰ পৰাও আই পি এলৰ অনুৰূপ প্রদর্শন আশা কৰিছে৷
আজি মেচখনৰ পূর্বে টেম্বা বাভুমা সুস্থ হৈ নুঠিলে দলটোৱে এগৰাকী বেটছমেনতকৈও এগৰাকী নেতাক হেৰুৱাব৷ শেহতীয়া দুখন মেচত আলহী দলটোৰ বেটছমেনসকল ব্যর্থ হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ অর্থ হ’ল ভাৰতৰ বলিং আক্রমণ অধিক তীক্ষ্ণ হৈ পৰিছে৷ কিন্তু ভাৰতে শৃংখলাত সমতা স্থাপন কৰিলেও পৰিকল্পনা অনুসৰি দলটোৱে প্রদর্শন আগবঢ়াব পৰা নাই৷ বিশেষকৈ যুৱ অধিনায়ক পণ্টে আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই৷ আজি মেচখনত পণ্টে বেটিং আৰু নেতৃত্বত সফলতা অর্জন কৰিব পাৰিলে ভাৰতৰ বাবেও সেয়া হ’ব যোগাত্মক দিশ৷ আজি জয়লাভ কৰি শৃংখলা দখল কৰিব পাৰিলে নেতৃত্বৰ দৌৰত তেওঁ কে এল ৰাহুল আৰু হার্দিক পাণ্ডিয়াতকৈ আগুৱাই থাকিব৷
অৱশ্যে আজিৰ মেচখনক লৈ আশাবাদী পণ্ট৷ পূর্বৰ দুখন মেচৰ দৰে নির্ণায়ক মেচখনতো দলৰ বিজয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰে অধিনায়কগৰাকীয়ে৷ কাইলৈৰ মেচখনতো অভিজ্ঞ বেটছমেন কার্তিকে দলৰ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰিব বুলি তেওঁ আশা কৰিছে৷ বলিং বিভাগত ছন্দ বিচাৰি পাইছে ভুবনেশ্বৰ কুমাৰ আৰু আভেছ খানে৷ চতুর্থখন মেচৰ নিচিনাকৈ এইখন মেচতো ভাৰতৰ বলিং আক্রমণ দলৰ উন্নত প্রদর্শনত বহু পৰিমাণে নির্ভৰ কৰিব৷ খেলৰ
সময়: সন্ধিয়া ৭ বজা৷