টি–২০ ৰেংকিং: ৬ বছৰৰ মূৰত সিংহাসনলৈ উভতিল ভাৰত
নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ সুদীর্ঘ ছবছৰৰ মূৰত টীম ইণ্ডিয়াই আই চি চি টি–২০ ৰেংকিঙৰ শীর্ষস্থান পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ৱেষ্ট ইণ্ডিজক যোৱানিশা ৩–০ৰ ব্যৱধানত হোৱাইট ৱাশ্ব কৰাৰ সুবাদত ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে সোমবাৰে প্রকাশিত আই চি চি ৰেংকিঙত চমকপ্রদ উত্থান লাভ কৰিছে৷
বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে প্রকাশ কৰা টি–২০ ৰেংকিং অনুসৰি ভাৰতে ইংলেণ্ডক চেৰ পেলাই ২০১৬ৰ ফেব্রুৱাৰীৰ পিছত প্রথমবাৰৰ বাবে শীর্ষস্থানলৈ উন্নীত হৈছে৷ ভাৰত আৰু ইংলেণ্ড উভয়ে ২৬৯ ৰেটিং পইণ্ট লাভ কৰিছে যদিও আই চি চিৰ সামগ্রিক পইণ্টৰ ভিত্তিত ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
শেহতীয়া ৩৯খন টি–২০ মেচৰ প্রদর্শনৰ ভিত্তিত আই চি চিয়ে এই ৰেংকিং তালিকা প্রস্তুত কৰিছে৷ এই তালিকাত ইংলেণ্ডে দ্বিতীয়, পাকিস্তানে তৃতীয়, নিউজিলেণ্ডে চতুর্থ, দক্ষিণ আফ্রিকাই পঞ্চম, অষ্ট্রেলিয়াই ষষ্ঠ, ৱেষ্ট ইণ্ডিজে সপ্তম, আফগানিস্তানে অষ্টম, শ্রীলংকাই নৱম আৰু বাংলাদেশে দশম স্থান অধিকাৰ কৰিছে৷ উল্লেখ্য যে ভাৰতে ২০২১ৰ টি–২০ বিশ্বকাপৰ গ্রুপ পর্যায়ৰ পৰাই বিদায় মগাৰ পিছৰে পৰা একেৰাহে ৯খন টি–২০ত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ যোৱা বছৰৰ শেষৰ ফালে নিউজিলেণ্ডক ৩–০ৰ ব্যৱধানত হোৱাইট ৱাশ্ব কৰাৰ পিছত দলটোৱে ঘৰৰ মাটিত ৱেষ্ট ইণ্ডিজক ৩–০ৰ ব্যৱধানত হোৱাইট ৱাশ্ব কৰি টি–২০ ক্রিকেটত আধিপত্য বিস্তাৰ অব্যাহত ৰাখিছে৷
ইফালে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই টি–২০ ক্রিকেটত ৩ বা ততোধিক শৃংখলাত প্রতিপক্ষক হোৱাইট ৱাশ্ব কৰা ভাৰতৰ প্রথমগৰাকী অধিনায়ক হিচাপে অভিলেখ ৰচিছে৷ ইয়াৰ পূর্বে পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদে পাঁচটা শৃংখলা আৰু আফগানিস্তানৰ অধিনায়ক আজগৰ আফগানে চাৰিটা শৃংখলাত প্রতিপক্ষক হোৱাইট ৱাশ্ব কৰিবলৈ সক্ষম হৈছে৷