আফগান ক্রিকেটক সমর্থন দিব তালিবানে
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: বন্দুকৰ নলীৰে আফগানিস্তানৰ ক্ষমতা দখল কৰা তালিবানে দেশৰ ক্রিকেটত কোনোধৰণৰ হস্তক্ষেপ নকৰে৷ জাতীয় ক্রিকেট দলৰ একাংশ সদস্যৰে হোৱা বৈঠকত এই প্রতিশ্রুতি দিয়ে তালিবান ৰাজনৈতিক কার্যালয়ৰ বিষয়ববীয়াই৷ তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে দেশখনৰ জনসাধাৰণৰ জীৱনলৈ ভাবুকি অহাৰ লগতে দেশখনৰ ক্রিকেটলৈও অন্ধকাৰ ভৱিষ্যৎ নামি আহি পৰিছিল৷
আফগানিস্তান ক্রিকেট দলটোৱে পাকিস্তানৰ বিপক্ষে খেলিবলগীয়া আগন্তুক এদিনীয়া শৃংখলাটোক লৈও অনিশ্চয়তা আহি পৰিছিল যদিও আজি তালিবানৰ ৰাজনৈতিক কার্যালয়ৰ বিষয়ববীয়াই স্পষ্ট কৰি দিয়ে যে আফগানিস্তান ক্রিকেটক তেওঁলোকে সমর্থন দি যাব৷ তালিবানৰ ৰাজনৈতিক কার্যালয় আৰু মধ্যস্থতাকাৰী গোটৰ সদস্য আনাছ হাক্কানিয়ে আজি দেশখনৰ জাতীয় ক্রিকেট দলটোৰ অধিনায়ক হাছমাতুল্লাহ শ্বাহিদী, নির্বাচক মণ্ডলীৰ প্রাক্তন অধ্যক্ষ আছাদুল্লাহ আৰু নুৰ আলী জাদ্রানক সাক্ষাৎ কৰে৷
সাক্ষাৎকালত আনাছ হাক্কানিয়ে কয় যে ১৯৯৬ চনৰ পৰা ২০০১ চনৰ সময়ছোৱাত তেওঁলোকৰ ৰাজত্বকালত আফগানিস্তানত ক্রিকেটৰ আত্মপ্রকাশ ঘটিছিল আৰু দেশখনত ক্রিকেটৰ বিৰুদ্ধে তেওঁলোকে কোনোধৰণৰ বাধা প্রদান নকৰে৷ তালিবানে দেশখনৰ জাতীয় ক্রিকেট দলটো আৰু খেলুৱৈসকলৰ সমস্যা সন্দর্ভত অচিৰেই কার্যব্যৱস্থা গ্রহণ কৰিব বুলি উল্লেখ কৰি হাক্কানিয়ে লগতে কয় যে তালিবানে দেশৰ ক্রিকেটক সদায়েই সমর্থন দি যাব৷
মন কৰিবলগীয়া যে বিগত সপ্তাহত কাবুলত আফগানিস্তান ক্রিকেট ব’ডৰ কার্যালয়ত তালিবানে প্রৱেশ কৰাৰ খবৰ আৰু ফটো প্রকাশ হোৱাৰ পিছতে দেশখনৰ ক্রিকেটৰ ভৱিষ্যতক লৈ প্রশ্ণৰ উদ্রেক হৈছিল৷ কিন্তু আজি তালিবানৰ ৰাজনৈতিক কার্যালয় আৰু মধ্যস্থতাকাৰী গোটৰ সদস্য আনাছ হাক্কানিয়ে কৰা মন্তব্যৰ পিছতে দেশখনৰ ক্রিকেট অনুৰাগীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে৷