নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দল নির্বাচনত হস্তক্ষেপ নকৰে গাংগুলীয়ে

ব’ৰ্ডৰ সভাপতিৰ বিপক্ষে উঠা অভিযোগ নাকচ নির্বাচক কমিটীৰ সদস্যৰ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ ভাৰতীয় ক্রিকেটত বিৰাট কোহলি আৰু বিচিচিআইৰ মাজত অধিনায়কক লৈ চলা যুদ্ধৰ অৱসান নৌহওঁতেই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলী পুনৰ এক বিতর্কৰ মাজত সোমাই পৰিছে৷ এইবাৰ গাংগুলী ভাৰতীয় ক্রিকেট দলৰ নির্বাচনী বৈঠকত উপস্থিত থকাৰ অভিযোগ উত্থাপিত হৈছে৷ এয়া বিচিচিআইৰ সংবিধানবিৰুদ্ধ ঘটনা৷ অৱশ্যে নির্বাচনী বৈঠকত গাংগুলীৰ উপস্থিতি সন্দর্ভত নির্বাচক কমিটীৰ এগৰাকী সদস্যই গুৰুতৰ মন্তব্য আগবঢ়াইছে৷ নির্বাচক কমিটীৰ সদস্যগৰাকীয়ে কয় যে বিচিচিআইৰ সভাপতিগৰাকীয়ে কেতিয়াও দল নির্বাচনত হস্তক্ষেপ কৰা নাই৷ অৱশ্যে গাংগুলীৰ উপস্থিতিত নির্বাচক কমিটীৰ সদস্যসকল কিছুপৰিমাণে চাপত থাকে৷

গাংগুলীয়ে ভাৰতীয় দল নির্বাচনত হস্তক্ষেপ কৰা বুলি উঠা অভিযোগ সন্দর্ভত নির্বাচক কমিটীৰ সদস্যগৰাকীয়ে কয় যে বিচিচিআইৰ সভাপতিগৰাকীয়ে দল নির্বাচনী বৈঠকত কেতিয়াও হস্তক্ষেপ কৰা নাই৷ গাংগুলীয়ে কোন খেলুৱৈক ল’ব আৰু কোন খেলুৱৈক বাদ দিব সেই সন্দর্ভত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা দেখা নাই৷ সৌৰভ গাংগুলীৰ বিপক্ষে উঠা এই অভিযোগ সম্পূর্ণ মিছা বুলিও মন্তব্য কৰে নির্বাচক কমিটীৰ সদস্যগৰাকীয়ে৷

ইপিনে নির্বাচনী বৈঠকত উপস্থিত থকা আৰু নির্বাচকমণ্ডলীৰ ওপৰত চাপ সৃষ্টি কৰা বুলি উঠা অভিযোগ খণ্ডন কৰি সৌৰভ গাংগুলীয়ে কয় যে এই সন্দর্ভত মই কাৰোবাক উত্তৰ দিয়াৰ প্রয়োজনীয়তা বোধ নকৰোঁ৷ এই ভিত্তিহীন অভিযোগক অগ্রাধিকাৰ দিয়াৰ প্রয়োজনীয়তা নাই বুলি উল্লেখ কৰি বিচিচিআইৰ সভাপতিগৰাকীয়ে লগতে কয় যে ব’ৰ্ডৰ অধ্যক্ষ হিচাপে যিটো কাম কৰিব লাগে সেইটো কাম মই কৰোঁ৷ শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত নির্বাচক কমিটীৰ সৈতে মোৰ যিখন ফটো আপলোড কৰিছে সেইখন ফটো কোনো নির্বাচক কমিটীৰ বৈঠকৰ নহয়৷ ইপিনে ব’ডৰ সচিব জয় শ্বাহৰে সম্পর্কৰ ওপৰত উঠা প্রশ্ণক লৈ গাংগুলীয়ে কয় যে বিগত ২৬ মাহ ধৰি জয় শ্বাহৰে মই কাম কৰি আহিছোঁ৷ তেওঁৰ সৈতে মোৰ সু–সম্পর্ক আছে আৰু তেওঁ এগৰাকী বিশ্বাসী সহযোগী৷ গতিকে জয় শ্বাহৰ সৈতে মোৰ সম্পর্ক বেয়া হোৱাৰ কোনো প্রশ্ণই নাই বুলি বিচিচিআইৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে৷

You might also like