নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুডবাই বার্চিলোনাঃ ২১ বছৰীয়া সম্পর্কৰ অৱসান ঘটাই আৱেগিক মেছি

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ অশ্রুসিক্ত নয়নেৰে বার্চিলোনাক বিদায় জনালে ছুপাৰষ্টাৰ লি’নেল মেছিয়ে৷ ১৩ বছৰ বয়সৰ পৰাই বার্চিলোনাৰ জুনিয়ৰ ক্লাবত প্রফেছনেল কেৰিয়াৰ আৰম্ভ কৰা বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰগৰাকীয়ে স্পেনিছ ক্লাবটোৰ সৈতে ২১ বছৰীয়া মধুৰ সম্পর্কৰ অৱশেষত দেওবাৰে অৱসান ঘটায়৷ লা–লিগাৰ কঠোৰ বিত্তীয় নীতি–নিয়মৰ হেঁচাত মেছিৰ চুক্তিৰ ম্যাদ বৃদ্ধি কৰিব নোৱৰা বার্চিলোনাক আনুষ্ঠানিকভাৱে বিদায় জনাই ছুপাৰষ্টাৰগৰাকীয়ে দেওবাৰে দলটোৰ হৈ অন্তিমখন সংবাদ মেল সম্বোধন কৰে৷

শৈশৱৰ পৰা খেলি অহা ক্লাবটোৰ সৈতে থকা বিভিন্ন স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰা মেছিয়ে সংবাদ মেলত কয় যে বার্চিলোনা ত্যাগ কৰিব বুলি তেওঁ সপোনতো কল্পনা কৰা নাছিল৷ স্পেনিছ ক্লাবটোৰ সৈতে থাকিবলৈ তেওঁ নিজৰ ফালৰ পৰা সকলো চেষ্টা চলাইছিল যদিও লা–লিগাৰ কঠোৰ বিত্তীয় নীতি–নিয়মৰ বাবে বার্চিলোনাই তেওঁক দলত ৰাখিব নোৱাৰিলে বুলি মেছিয়ে উল্লেখ কৰে৷

মন কৰিবলগীয়া যে লা–লিগাৰ নতুন নিয়ম অনুসৰি বার্চিলোনাই মেছিক বর্তমানৰ মজুৰিত নতুন চুক্তিত স্বাক্ষৰ কৰিব নোৱাৰে৷ সেয়ে দলটোৱে ফুটবল বিশ্বৰ অন্যতম বিশ্ব ষ্ট্রাইকাৰগৰাকীক মুকলি কৰি দিবলৈ বাধ্য হৈছে৷

ইফালে, বার্চিলোনাৰ সৈতে খেলি যোৱাৰ স্বার্থত আর্জেণ্টিনাৰ তাৰকাগৰাকীয়ে মজুৰিৰ পৰিমাণ ৫০ শতাংশলৈ হ্রাস কৰিবলৈও সাজু হৈছিল বুলি মেছিয়ে কালি সংবাদ মেলত উল্লেখ কৰে৷ আগন্তুক ছিজনত তেওঁ পেৰিছ ছেইণ্ট জার্মাইনৰ হৈ খেলাৰ সম্ভাৱনা আছে৷ এই সন্দর্ভত পেৰিছৰ ক্লাবটোৱে সোমবাৰে আনুষ্ঠানিক ঘোষণা কৰাৰ কথা আছে৷ পি এছ জিত মেছিৰ আগমন নিশ্চিত হ’লে অহা ছিজনত বিশ্বৰ ফুটবপ্রেমীয়ে মেছি–নেইমাৰৰ যুগলবন্দী উপভোগৰ সুযোগ পাব৷

You might also like