সন্ত্রাসবাদীৰ ভাবুকিঃ আই পি এলত নিৰাপত্তা বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ প্রতি লক্ষ্য ৰাখি মুম্বাই আৰক্ষীয়ে চহৰখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ মুম্বাই আৰক্ষীয়ে আজি প্রকাশ কৰা অনুসৰি আই পি এলৰ মেচ অনুষ্ঠিত হ’বলগীয়া ৱাংখেড়ে ষ্টেডিয়াম আৰু ব্রেবর্ন ষ্টেডিয়ামৰ লগতে খেলুৱৈ থকা হোটেলসমূহত নিৰাপত্তাৰক্ষীয়ে চোকা নজৰ ৰাখিছে৷ দেশী–বিদেশী খেলুৱৈৰ সমাগম ঘটিবলগীয়া প্রতিযোগিতাখনৰ প্রতি সন্ত্রাসবাদীৰ কোনো ভাবুকিৰ তথ্য আৰক্ষীয়ে লাভ কৰা নাই বুলি মুম্বাই আৰক্ষীৰ শীর্ষ সূত্রই জানিবলৈ দিছে৷ উল্লেখ্য যে আই পি এলৰ মেচ অনুষ্ঠিত হ’বলগীয়া ৱাংখেড়ে ষ্টেডিয়াম আৰু খেলুৱৈ থকা হোটেল ট্রিডেণ্টক সন্ত্রাসবাদীয়ে আক্রমণৰ লক্ষ্য কৰি ল’ব পাৰে বুলি ছ’চিয়েল মিডিয়াত উৰাবাতৰি বিয়পিছে৷ কিন্তু আৰক্ষীয়ে এই সন্দর্ভত কেনো তথ্য লাভ কৰা নাই৷