নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা বিচিচিআইৰ

অধিনায়ক হৰমনপ্ৰীত কৌৰ, উপ-অধিনায়ক স্মৃতি মান্ধনা

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা বিচিচিআইৰ

নিউজ ডেস্ক, ১৫ মে’ : ইংলেণ্ড ভ্ৰমণৰ বাবে বিচিচিআইয়ে টীম ইণ্ডিয়াৰ সদস্যৰ নাম ঘোষণা কৰিছে। ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে জুন-জুলাই মাহত ইংলেণ্ড ভ্ৰমণ কৰাৰ কথা, য’ত দুয়োটা দলৰ মাজত ৫খন টি-২০ আৰু ৩খন এদিনীয়া মেচ অনুষ্ঠিত হ’ব। দুয়োটা ছিৰিজতে টীম ইণ্ডিয়াৰ অধিনায়ক হ’ব হৰমনপ্ৰীত কৌৰ, আনহাতে দুয়োখন ছিৰিজৰ বাবে দলৰ উপ-অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে স্মৃতি মান্ধনা।

বিস্ফোৰক অ’পেনাৰ শ্বেফালী বাৰ্মাক কেৱল টি-২০ দলত স্থান দিয়াৰ বাবে নিৰ্বাচকসকলে অতি আচৰিত ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৪ চনৰ অক্টোবৰৰ পিছত বাৰ্মাই কোনো এদিনীয়া মেচ খেলা নাই। যিহেতু দুয়োটা দলতে ৰিচা ঘোষ, যস্তিকা ভাটিয়া আৰু হাৰলিন দেউলক স্থান দিয়া হৈছে।

ডব্লিউ পি এলত গুজৰাট জায়েন্টছৰ হৈ খেলা ২২ বছৰীয়া কাশৱী গৌতমক দলৰ পৰা বাদ দিয়া হৈছে। তেওঁৰ ঠাইত বেগী বলাৰ সয়ালি সাতঘৰে এদিনীয়া দললৈ ঘূৰি আহিছে। পেচ এটেক বিভাগত সাতঘৰক সহযোগ কৰিব শ্ৰীচৰাণী আৰু ক্ৰান্তি গৌদে।

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰত এদিনীয়া দল : হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), প্ৰতীকা ৰাৱাল,হাৰলিন দেওল, জেমিমা ৰড্ৰিগেছ, ৰিচা ঘোষ, যস্তিকা ভাটিয়া, তেজল হাছাবনিছ, দীপ্তি শৰ্মা, স্নেহ ৰানা, শ্ৰীচৰাণী, শুচি উপাধ্যায়, অমনজোত কৌৰ, অৰুন্ধতী ৰেড্ডী, ক্ৰান্তি গৌড়, সয়ালি সাতঘৰে

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰত টি-২০ দল : হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), শ্বেফালী বাৰ্মা, জেমিমা ৰড্ৰিগেছ, ৰিচা ঘোষ, যস্তিকা ভাটিয়া, হাৰলিন দেওল, দীপ্তি শৰ্মা, স্নেহ ৰানা, শ্ৰীচৰাণী, শুচি উপাধ্যায়, অমনজোত কৌৰ, অৰুন্ধতী ৰেডী, ক্ৰান্তি গৌড়, সয়ালি সাতঘৰে

You might also like