২০২৮ৰ পৰা দুবছৰৰ মূৰে মূৰে ফুটবল বিশ্বকাপ
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ চাৰি বছৰ নহয়, দুবছৰৰ মূৰে মূৰে ফুটবল বিশ্বকাপ উপভোগ কৰিব পাৰিব বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগীয়ে৷ বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই ২০২৮ৰ পৰা দুবছৰৰ মূৰে মূৰে বিশ্বকাপ আয়োজনৰ পৰিকল্পনা যুগুত কৰিছে৷
চলিত বছৰৰ মে’ মাহত ফিফাই ইউৰোপীয় ফুটবল সংস্থাক দুবছৰৰ মূৰে মূৰে বিশ্বকাপ আয়োজনৰ পৰিকল্পনাৰ কথা জানিবলৈ দিছে৷ শেহতীয়াকৈ উৱেফাৰ এখন গুৰুত্বপূর্ণ বৈঠকত ফিফাৰ এই পৰিকল্পনাক লৈ বিস্তৃতভাৱে আলোচনা হৈছে৷ এই আলোচনাত ইউৰোপীয় ফুটবলৰ সর্বোচ্চ সংস্থাটোৱে ফিফাৰ নতুন পৰিকল্পনাক লৈ অসন্তুষ্টি প্রকাশ কৰিছে বুলি জানিব পৰা গৈছে৷
প্রতি দুবছৰৰ মূৰে মূৰে ফুটবল বিশ্বকাপ অনুষ্ঠিত হ’লে ইউৰোপৰ ক্লাবসমূহ আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব বুলি শংকিত হৈছে উৱেফা৷ কিয়নো ফিফাৰ এই নতুন পৰিকল্পনা বাস্তৱায়িত হ’লে আন্তঃৰাষ্ট্রীয় ফুটবলৰ কেলেণ্ডাৰ সলনি কৰিব লাগিব৷ একেদৰে অন্যান্য প্রতিযোগিতা আয়োজনৰ ক্ষেত্রতো অসুবিধাৰ সৃষ্টি হ’ব৷ দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হ’লে বিশ্বকাপৰ কোৱালিফায়িং ৰাউণ্ডৰ প্রতিযোগিতাসমূহ আয়োজনৰ বাবেও হাতত অধিক সময় নাথাকিব বুলি ইউৰোপীয় ফুটবলৰ সর্বোচ্চ সংস্থা উৱেফাই ফিফাক জানিবলৈ দিছে৷ তেওঁলোকে পুনৰ আপত্তি দর্শাইছে যে চাৰি বছৰৰ মূৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ প্রতি অনুৰাগীৰ যি উৎকণ্ঠা আৰু আকর্ষণ থাকে, দুবছৰৰ মূৰত অনুষ্ঠিত হ’লে সেই আকর্ষণ হ্রাস পাব৷
উল্লেখ্য যে ফিফাৰ মুৰব্বী জিয়ানী ইনফাণ্টিনোই দুবছৰৰ মূৰে মূৰে পুৰুষ আৰু মহিলাৰ ফুটবল বিশ্বকাপ আয়োজনৰ চিন্তা–চর্চা আৰম্ভ কৰিছিল৷ কিন্তু উৱেফাই ফিফাৰ এই পৰিকল্পনাৰ প্রতি সন্মতি প্রকাশ নকৰাত ইনফাণ্টিনোৰ চিন্তা–চর্চা বাস্তৱায়িত হোৱাৰ সম্ভাৱনা একপ্রকাৰ নোহোৱা হৈছে৷