নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ জুনৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল

নিয়মীয়া বাৰ্তা, ১৯ মেঃ  টীম ইণ্ডিয়াৰ বিপক্ষে খেলিবলগীয়া আগন্তুক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনক লৈ অধীৰ আগ্রহেৰে বাট চাই আছে নিউজিলেণ্ড দলটোৰ অধিনায়ক কেন উইলিয়ামছনে৷ ১৮ জুনৰ পৰা ছাউদাম্পটনত আৰম্ভ হ’বলগীয়া এই ফাইনেল মেচখনত ভাৰতীয় দলটোৰ পৰা দুর্দান্ত প্রত্যাহ্বান লাভ কৰিব বুলি উল্লেখ কৰিছে কিৱি দলটোৰ অধিনায়ক উইলিয়ামছনে৷

আই চি চিয়ে টুইটাৰযোগে প্রেৰণ কৰা এক ভিডি’ত উইলিয়ামছনে কয় যে যেতিয়া আমি ভাৰতীয় দলটোৰ বিপক্ষে খেলো, তেতিয়া দুর্দান্ত প্রত্যাহ্বান লাভ কৰোঁ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনতো বিৰাট ব্রিগেডৰ পৰা প্রত্যাহ্বান লাভ কৰিম৷ ফাইনেল মেচখনত ভাৰতীয় দলটোৰ বিপক্ষে খেলিবলৈ অধীৰ আগ্রহেৰে বাট চাই আছো৷

ফাইনেল মেচখনৰ পূর্বে ভাৰতীয় দলটোৰ সন্দর্ভত অধিনায়ক উইলিয়ামছনে কয় যে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোৰ বেটিঙৰ লগতে বলিঙো অধিক শক্তিশালী হৈ উঠিছে৷ দলটোত কেইবাগৰাকীও বিশ্বশ্রেষ্ঠ বেটছমেনৰ লগতে বলাৰো আছে৷ গতিকে ফাইনেল মেচখন তীব্র প্রতিদ্বন্দ্বিতামূলক হোৱাটো নিশ্চিত৷ ভাৰতীয় বেটছমেন আৰু বলাৰসকলৰ বিৰুদ্ধে যুঁজাৰ বাবে বিশেষ ৰণনীতিৰে খেলপথাৰত নামিব লাগিব বুলি নিউজিলেণ্ড দলটোৰ অধিনায়কগৰাকীয়ে মন্তব্য কৰে৷

উল্লেখ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনৰ পূর্বে নিউজিলেণ্ডে ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে দুখনীয়া টেষ্ট মেচৰ শৃংখলাত অংশগ্রহণ কৰিব আৰু শৃংখলাটোৰ প্রথমখন মেচ ২ জুনৰ পৰা লর্ডছত আৰম্ভ হ’ব৷ ইপিনে, ডব্লিউ টি চিৰ ফাইনেল মেচখনত অংশ লোৱাৰ উদ্দেশ্যে ভাৰতীয় দলটোৱে জুনৰ প্রথম সপ্তাহত ইংলেণ্ডত উপস্থিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like