নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দর্শকৰ উপস্থিতিত অনুষ্ঠিত হ’ব ফ্রেন্স অ’পেন

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ প্রাদুর্ভাৱৰ পিছত বিশ্বৰ বিভিন্ন প্রান্তত পুনৰ আৰম্ভ হোৱা ক্রীড়া ইভেণ্টসমূহ দর্শকশূন্য ষ্টেডিয়ামত অনুষ্ঠিত হৈছে যদিও বিশ্বৰ অন্যতম গ্রেণ্ডশ্লাম ইভেণ্ট ফ্রেন্স অ’পেন দর্শকৰ উপস্থিতিত খেলোৱা হ’ব৷ এই কথা ঘোষণা কৰিছে ফ্রেন্স টেনিছ ফেডাৰেচনে৷

 সাধাৰণতে মে’ৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া মেগা ইভেণ্টখন ২৭ ছেপ্ঢেম্বৰৰ পৰা ১১ অক্টোবৰলৈ পিছুৱাই দিয়া হৈছে৷ ‘ফ্রেন্স অ’পেন দর্শকৰ বাবে মুকলি থাকিব৷ অৱশ্যে কিমানসংখ্যক দর্শকৰ বাবে ষ্টেডিয়ামৰ দুৱাৰ মুকলি কৰা হ’ব, সেই সন্দর্ভত আমি চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই৷ চৰকাৰী কর্তৃপক্ষৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্ত ঘোষণা কৰা হ’ব৷’ ফ্রেন্স টেনিছ ফেডাৰেচনৰ মুৰব্বী বার্নাড গিউডিছেলিয়ে এইদৰে কয়৷ চলিত মাহৰ শেষৰ ফালে অথবা জুলাই আৰম্ভণিতে ফ্রেন্স অ’পেনৰ টিকট দর্শকৰ বাবে মুকলি কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া যে মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে যোৱা মার্চ মাহৰ পৰা টেনিছকে ধৰি বিশ্বৰ সকলো ক্রীড়া ইভেণ্ট বন্ধ হৈ আছে৷

 বছৰটোৰ প্রথমটো গ্রেণ্ডশ্লাম অষ্ট্রেলিয়ান অ’পেন যোৱা ২০ জানুৱাৰীৰ পৰা ২ ফেব্রুৱাৰীলৈ সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছতে আন্তঃৰাষ্ট্রীয় টেনিছ একপ্রকাৰ স্তব্ধ হৈ আছে৷ ইউ এছ অ’পেনৰো দিন নতুনকৈ ধার্য কৰা হৈছে৷ এই অনুসৰি ৩১ আগষ্টৰ পৰা ১৩ ছেপ্ঢেম্বৰলৈ নিউয়র্কত গ্রেণ্ডশ্লাম ইভেণ্টটো অনুষ্ঠিত হোৱাৰ কথা আছে৷ অৱশ্যে ইউ এছ অ’পেন বন্ধ ষ্টেডিয়ামত দর্শক অবিহনে অনুষ্ঠিত হ’ব৷

You might also like