নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱৰাজ সিঙৰ অভিলেখ ভংগ ক্রিছৰ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ইতিহাসত সর্বাধিক দামী খেলুৱৈ হিচাপে বিবেচিত হৈ টীম ইণ্ডিয়াৰ প্রাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে দক্ষিণ আফ্রিকাৰ ক্রিছ মৰিছে৷ আই পি এলৰ চতুর্দশ সংস্কৰণৰ বাবে কালি চেন্নাইত অনুষ্ঠিত খেলুৱৈৰ নিলামত ৰাজস্থান ৰয়েলছে ১৬.২৫ কোটিত ক্রিছ মৰিছক ক্রয় কৰে আৰু ৭৫ লাখ বেছ প্রাইজৰ ক্রিছ আই পি এলৰ সবাতোকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয়৷

ক্রিছ মৰিছৰ পূর্বে আই পি এলৰ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈ আছিল ভাৰতৰ যুৱৰাজ সিং৷ ২০১৫ চনত দিল্লী কেপিটেলছে ১৬ কোটি টকাত যুৱৰাজক ক্রয় কৰিছিল৷ মন কৰিবলগীয়া যে ২০২০ বর্ষৰ আই পি এলৰ নিলামত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে ক্রিছ মৰিছক ১০ কোটি টকাত ক্রয় কৰিছিল যদিও চলিত বর্ষৰ আই পি এলখনৰ খেলুৱৈৰ নিলামৰ পূর্বে দক্ষিণ আফ্রিকাৰ অলৰাউণ্ডাৰগৰাকীক ৰিলিজ কৰিছিল আৰ চি বিয়ে৷

You might also like