নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ সবাতোকৈ দামী খেলুৱৈ ক্রিছ মৰিছ; নৱাগত ভাৰতীয় খেলুৱৈ হিচাপে সর্বাধিক ধন লাভ কৃষ্ণাপ্পা গৌতমৰ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণৰ বাবে  হোৱা খেলুৱৈৰ নিলামত সর্বাধিক ধন লাভ কৰি অভিলেখ ৰচিলে দক্ষিণ আফ্রিকাৰ অলৰাউণ্ডাৰ ক্রিছ মৰিছে৷ ৭০ লাখ টকা বেছ প্রাইজৰ ক্রিছ মৰিছক ১৬.২৫ কোটি টকাত ক্রয় কৰিলে ৰাজস্থান ৰয়েলছে৷ মন কৰিবলগীয়া যে আই পি এলৰ ইতিহাসত মৰিছেই হ’ল সর্বাধিক ধন লাভ কৰা খেলুৱৈ৷

ইপিনে, নিলামত নিউজিলেণ্ডৰ কাঈল জেমিছন সর্বাধিক ধন লাভ কৰা দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়৷ ৰয়েলছ চেলেঞ্জার্ছ বাংগালুৰুৱে ১৫ কোটিত জেমিছনক ক্রয় কৰে৷ আনহাতে, ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে ১৪.২৫ কোটিত অষ্ট্রেলিয়াৰ গ্লেন মেক্সৱেলক ক্রয় কৰে৷ সর্বাধিক ধন লাভ কৰা খেলুৱৈৰ তালিকাৰ চতুর্থ স্থানত আছে অষ্ট্রেলিয়াৰ ঝায়ে ৰিচার্ডছন৷ ৰিচার্ডছনক ১৪ কোটিত পঞ্জাব কিংছে ক্রয় কৰে৷ আনহাতে নৱাগত ভাৰতীয় খেলুৱৈ হিচাপে সর্বাধিক ধন লাভ কৰি অভিলেখ ৰচে কৃষ্ণাপ্পা গৌতমে৷ ২০ লাখ টকা বেছ প্রাইজৰ গৌতমক ৯.২৫ কোটিত ক্রয় কৰে চেন্নাই ছুপাৰ কিংছে৷ চলিত বর্ষৰ আই পি এলখনৰ নিলামৰ পূর্বে চর্চিত হোৱা শ্বাহৰুখ খানক ৫.২৫ কোটিত পঞ্জাব কিংছে, অর্জুন তেণ্ডুলকাৰক ২০ লাখত মুম্বাই ইণ্ডিয়ানছে আৰু মহম্মদ আজহাৰউদ্দিনক ২০ লাখ টকাত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে ক্রয় কৰে৷ টীম ইণ্ডিয়াৰ টেষ্ট বিশেষজ্ঞ শ্বেটেশ্বৰ পূজাৰাক ৫০ লাখত চেন্নাই ছুপাৰ কিংছে, অষ্ট্রেলিয়াৰ তাৰকা বেটছমেন ষ্টিভেন স্মিথক ২.২০ কোটিত দিল্লী কেপিটেলছে, কেদাৰ যাদৱক ২ কোটিত ছানৰাইজার্ছ হায়দৰাবাদে ক্রয় কৰে৷

ইফালে, চেন্নাই ছুপাৰ কিংছে ৰিলিজ কৰি দিয়া প্রবীণ স্পীনাৰ হৰভজন সিঙক ২ কোটিত কলকাতা নাইট ৰাইডার্ছে ক্রয় কৰে৷ বিদেশী খেলুৱৈ হিচাপে বাংলাদেশৰ ছাকিব আল হাছানক ৩.২ কোটিত কলকাতাই, ইংলেণ্ডৰ মঈন আলীক ৭ কোটিত চেন্নায়ে, ডেভিদ মালানক ১.৫ কোটিত পঞ্জাবে, ৰিলে মেৰেডিথক ৮ কোটিত পঞ্জাবে, মুজিবউৰ ৰহমানক ১.৫ কোটিত পঞ্জাবে, জেমছ নিচামক ৫০ লাখত মুম্বায়ে, টম কৰনক ৫.২৫ কোটিত দিল্লীয়ে ক্রয় কৰে৷

আনহাতে আই পি এলৰ নিলামত কোনো এটা ফ্রেনচাইজীয়ে ক্রয় কৰাৰ পৰা বিৰত থাকে এলেক্স হালছ, জেছন ৰয়, আৰন ফিনছ, হনুমা বিহাৰী, ভানডাৰ ডুছেন, মার্টিন গুপ্ঢিল, ডাৰেন ব্রেভো, শ্বন মার্শ্ব, ক’ৰি এণ্ডাৰছন, ছেলডন কটৰেল, এলেক্স কেৰি, মেথিউ ৱেডে, লাবুছানে, কুশল পেৰেৰা, ছিন এবট, মোহিত শর্মা, মেকলেনাঘান, থিষাৰা পেৰেৰা, গুৰকিৰট সিং, বৰুন আৰন, কৰনবীৰ সিং, সন্দীপ লামিছানে, ৰাহুল শর্মা, আদিল ৰছিদ, ইভিন লিৱিছ, ৰ’ভমান পাৱেল, ইছ সোধী, অংকিত সিং ৰাজপুতক৷ ইফালে, ৰাজস্থান ৰয়েলছে ৪.৪ কোটিত শিৱম ডুবে আৰু ২০ লাখত কুলদীপ যাদৱক, ২.৪ কোটিত মুম্বাই ইণ্ডিয়ানছে পীয়ূষ চাওলা আৰু ৫ কোটিত নাথান ক’ল্টাৰ নাইলক ক্রয় কৰে৷

You might also like