বিস্ময় বালকক লৈ তোলপাৰ ক্রিকেট বিশ্ব
বিশেষ বাৰ্তা, ৩০ নৱেম্বৰ : শ্রীলংকাৰ এজন ছাত্র। নাম ছেলভাছকৰণ ঋষিউধন৷ কোনো ৰান ব্যয় নকৰাকৈ ৮টা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে মুথায়া মুৰলীধৰণৰ দেশৰ উদীয়মান প্রতিভাই৷ এই বিস্ময় বালকৰ আদর্শ ক্রিকেটাৰ হৈছে অষ্ট্রেলিয়াৰ নাথান লিঅ’ন৷ ঘটনাটো ঘটিছে কলম্বোৰ ১৩ বছৰ অনূর্ধ্ব স্কুল মেচত৷ তেওঁ অকলেই নিজৰ স্কুলক মেচখনত বিজয়ী কৰাইছে৷ ১০ বছৰীয়া ছেলভাছকৰণে ৯.৪ অভাৰ বলিং কৰি এমডিএইচ জয়বর্ধনে বিদ্যালয়ৰ বিৰুদ্ধে কোনো ৰান নিদিয়াকৈ ৮ উইকেট দখল কৰে৷ চতুর্থ শ্রেণীৰ ছাত্রজনৰ দুর্দান্ত বলিঙৰ বাবে মাত্র ২৮ ৰানতে ইনিংছ সামৰে হিন্দু স্কুল কলম্বোৰ প্রতিপক্ষ এম ডি এইচ জয়বর্ধনে স্কুলে৷ তেওঁৰ বলিং পৰিসংখ্যা ৯.৪–৯–০–৮ ৷ হিন্দু স্কুল কলম্বোত পঢ়া ছেলভাছকৰণে জনাইছে যে তেওঁৰ প্রিয় ক্রিকেটাৰ নাথান৷ তেওঁ অষ্ট্রেলিয়াৰ অফস্পীনাৰগৰাকীৰ দৰে বলিং কৰিব বিচাৰে৷ তদুপৰি ১৯ বছৰ বয়সত তেওঁ শ্রীলংকা ক্রিকেট দলত খেলিব বিচাৰে৷ ইয়াৰ লগতে ১০ বছৰ বয়সীয়া ছেলভাছকৰণে জানিবলৈ দিয়ে যে তেওঁ ৬ ধৰণৰ বলিং কৰিব বিচাৰে৷ তেওঁৰ মাজত আছে অফস্পীন, লেগস্পীন, কেৰমবল, লুপ, ফ্লেটলুপ আৰু ফার্ষ্ট বল৷ ইমান কম বয়সতে তেওঁৰ হাতত ছয় প্রকাৰৰ বলিং বৈচিত্র্যই বিস্মিত কৰিছে ক্রিকেট বিশ্বৰ বহু বিশেষজ্ঞক৷ এই ছয় প্রকাৰৰ বলিঙৰ ওপৰত নির্ভৰ কৰিয়ে তেওঁ বিপক্ষ দলৰ বেটাৰসকলক ত্রাহি মধুসূদন সোঁৱৰাইছে৷ তদুপৰি বিস্মিত কৰিছে ক্রিকেটৰ প্রাক্তন আৰু বর্তমানৰ খেলুৱৈসকলক৷ এই বয়সতে শ্রীলংকা ৰাষ্ট্রীয় দলৰ হৈ খেলাৰ সপোন মনত পুহি ৰখা ছেলভাছকৰণৰ হয়তো সেই আশা এদিন পূৰণ হ’ব আৰু দেশে লাভ কৰিব এজন দুর্দান্ত স্পীনাৰ৷