নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা তৃতীয় টেষ্টঃ ছিডনীত ব্যর্থতাৰ ইতিহাস সলনিৰ লক্ষ্য ভাৰতৰ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ  ঐতিহাসিক বক্সিং ডে’ টেষ্টত চমৎকাৰ জয়েৰে উজ্জীৱিত হৈ উঠা টীম ইণ্ডিয়াই কাইলৈৰ পৰা অষ্ট্রেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় টেষ্টত অৱতীর্ণ হ’ব৷ ছিডনী ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া মেচখনত আজিংক্য ৰাহানে নেতৃত্বাধীন আলহী দলটোৱে শৃংখলাত অগ্রগতি অর্জনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ একেদৰে ছিডনী ক্রিকেট গ্রাউণ্ডৰ ব্যর্থতাৰ ইতিহাস সলনি কৰিবলৈও টীম ইণ্ডিয়া সংকল্পবদ্ধ৷

মন কৰিবলগীয়া যে ঐতিহাসিক ছিডনী ক্রিকেট গ্রাউণ্ডত ভাৰতে ৪২ বছৰ পূর্বে একমাত্র জয়ৰ সোৱাদ লাভ কৰিছিল৷ এই গ্রাউণ্ডত দলটো ছখন টেষ্টত পৰাজয়ৰ সন্মুখীন হৈছে৷ পৰিসংখ্যাৰ দিশৰ পৰা পিছ পৰি থকা ভাৰতীয় দলটোৱে ছিডনীত জয়েৰে ব’ডাৰ গাভাস্কাৰ ট্রফীত ২–১ৰ অগ্রগতি লাভ কৰিবলৈ সক্ষম হ’লে, ভাৰতীয় ক্রিকেটৰ বাবে এয়া হ’ব স্বর্ণিল ইতিহাস৷ তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ প্রত্যাৱর্তনে ইতিমধ্যে টীম ইণ্ডিয়াৰ বেটিং বিভাগৰ শক্তি বৃদ্ধি কৰিব৷ বেটিঙত ৰোহিতৰ লগতে অধিনায়ক ৰাহানে, অভিজ্ঞ তাৰকা, পূজাৰা, উদীয়মান অ’পেনাৰ শুভমন গিলৰ প্রদর্শনৰ ওপৰত টীম ইণ্ডিয়া নির্ভৰশীল হ’ব৷ ল’ৱাৰ অর্ডাৰত হনুমা বিহাৰী, ঋষভ পণ্ট, ৰবীন্দ্র জাদেজা আৰু ৰবিচন্দ্রন অশ্বিনৰ পৰা দলে সময়োপযোগী বেটিং আশা কৰিব৷

ইফালে, মহম্মদ ছামী আৰু উমেশ যাদৱৰ দৰে অভিজ্ঞ তাৰকাৰ অনুপস্থিতিত যশপ্রীত বুমৰাহে অনভিজ্ঞ বেগী বলিং আক্রমণৰ নেতৃত্ব দিব৷ ছিডনীত তেওঁক সংগ দিব মহম্মদ ছিৰাজ আৰু নৱদ্বীপ ছাইনীয়ে৷ স্পিন বিভাগত তাৰকা অফ স্পিনাৰ অশ্বিনক সহযোগ কৰিব অলৰাউণ্ডাৰ জাদেজাই৷ আনহাতে, কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় টেষ্ট মেচখনত অষ্ট্রেলিয়া দললৈ ডেভিদ ৱার্নাৰ উভতি অহাৰ সম্ভাৱনা আছে৷ ঘৰুৱা দলটোৱে অভিজ্ঞ তাৰকা ষ্টিভেন স্মিথ আৰু মার্নাছ লাবুচানেৰ ফর্ম উদ্ধাৰৰ আশাত বন্দী হৈ আছে৷ দলটোৱে কাইলৈ মূল একাদশত কিছু সালসলনিৰে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷ বিশেষকৈ অ’পেনিং যুটিত ডেভিদ ৱার্নাৰ সহযোগী হ’ব পাৰে প্রতিভাৱান অ’পেনাৰ উইল পুকোভ’স্কি৷ একেদৰে বলিঙত পেট কামিনছ, মিচেল ষ্টার্ক, জছ হেজলউড আৰু নাথন লিয়নে অষ্ট্রেলিয়াৰ ভাগ্য সলনিৰ লক্ষ্যৰে ছিডনী ক্রিকেট গ্রাউণ্ডত টীম ইণ্ডিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে৷
খেলৰ সময়ঃ পুৱা ৫ বজা৷

You might also like