নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লীডছত আজিৰে পৰা তৃতীয় টেষ্টঃ আত্মবিশ্বাসী টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: দ্বিতীয় টেষ্টত চমকপ্রদ জয়েৰে আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই পাঁচখন মেচৰ টেষ্ট শৃংখলাত অগ্রগতি বৃদ্ধিৰ লক্ষ্যৰে আজিৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত অৱতীর্ণ হ’ব৷ হেডিংলেৰ লীডছত অনুষ্ঠিত হ’বলগীয়া মেচখনত বিৰাট কোহলি নেতৃত্বাধীন আলহী দলটো আত্মবিশ্বাসেৰে খেলপথাৰত নামিব যদিও জ’ ৰুট নেতৃত্বাধীন ইংলেণ্ডে শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্য লৈছে৷ লীডছৰ গতি আৰু বাউন্সেৰে ভৰা উইকেটৰ প্রতি লক্ষ্য ৰাখি টীম ইণ্ডিয়াই তৃতীয় টেষ্টতো চাৰিগৰাকী বেগী বলাৰৰ সৈতে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷ প্রথম টেষ্টত সুন্দৰ প্রদর্শন দাঙি ধৰা শার্দূল ঠাকুৰ সুস্থ হৈ উঠিছে যদিও আজি তেওঁ মূল একাদশত স্থান নোপোৱাটো একপ্রকাৰ নিশ্চিত৷

কিয়নো, লর্ডছ টেষ্টত টীম ইণ্ডিয়াই ঐতিহাসিক জয় সাব্যস্ত কৰাত মহম্মদ চিৰাজ, যশপ্রীত বুমৰাহ, মহম্মদ ছামি আৰু ঈশান্ত শর্মাৰে গঠিত ভাৰতীয় বেগী বলিং আক্রমণে মুখ্য ভূমিকা গ্রহণ কৰিছিল৷ অৱশ্যে বিৰাট কোহলি নেতৃত্বাধীন দলটোৰ কোনো এগৰাকী খেলুৱৈয়ে লীডছত খেলাৰ অভিজ্ঞতা অর্জন কৰা নাই৷ এই উইকেটৰ নতুন পৰিৱেশৰ সৈতে ভাৰতীয় খেলুৱৈসকলে কিদৰে নিজকে খাপ খুৱাই ল’ব পাৰে সেয়া লক্ষণীয় হ’ব৷

উল্লেখ্য যে ২০০২ত ভাৰতে লীডছত অন্তিমখন টেষ্ট খেলিছিল আৰু মেচখনত এক ইনিংছ আৰু ৪৬ ৰানৰ স্মৰণীয় জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল৷ শৃংখলাত ১–০ৰ অগ্রগতি অর্জন কৰি থকা টীম ইণ্ডিয়াৰ মনোবল বৃদ্ধি কৰিছে অ’পেনাৰ ৰোহিত শর্মা আৰু লোকেশ ৰাহুলৰ সুন্দৰ ফর্মে৷ শ্বেটেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেও দ্বিতীয় টেষ্টত ফর্ম উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

অৱশ্যে অধিনায়ক কোহলিৰ পৰা ক্রিকেটপ্রেমীয়ে লীডছত দীঘলীয়া ইনিংছ আশা কৰিছে৷ ২০১৯ৰ নৱেম্বৰতে অন্তিমটো আন্তঃৰাষ্ট্রীয় শতক অর্জন কৰা তাৰকা বেটছমেনগৰাকীয়ে চলিত শৃংখলাটোত ৪০ ৰানৰ দুটাকৈ ইনিংছ খেলিছিল যদিও দীঘলীয়া সময়লৈ ক্রিজত থাকিব পৰা নাই৷

ইফালে, প্রথম দুখন টেষ্টত ব্যর্থ হোৱাৰ পিছত ইংলেণ্ড ব্যাপক সালসলনিৰে তৃতীয় টেষ্টলৈ সাজু হৈছে৷ কাইলৈ অ’পেনাৰৰ ৰূপত খেলপথাৰত নামিব ৰ’ৰি বার্নছ আৰু হাচিব হামিদ৷ একেদৰে তিনি নম্বৰ স্থানত আক্রমণাত্মক বাঁওহতীয়া বেটছমেন ডেৱিদ মালানে সুযোগ পোৱাৰ সম্ভাৱনা আছে৷ এদিনীয়া আৰু টি–২০ৰ বিশেষজ্ঞ হিচাপে পৰিচিত মালানক তিনি বছৰৰ মূৰত টেষ্ট দললৈ আমন্ত্রণ জনোৱা হৈছে৷

ইফালে, আঘাতৰ বাবে কাইলৈ তাৰকা বেগী বলাৰ মার্ক উডে খেলিব নোৱাৰিব৷ তেওঁৰ স্থানত উদীয়মান বেগী বলাৰ ছাকিব মাহমুদৰ টেষ্ট অভিষেক ঘটাৰ সম্ভাৱনা আছে৷
খেলৰ সময়ঃ বিয়লি ৩.৩০ বজা৷

You might also like