এইবাৰ ভাৰতীয় ফুটবলত মেচ ফিক্সিং
বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : ভাৰতীয় ফুটবলত মেচ ফিক্সিঙৰ ক’লা ডাৱৰ৷ আই লীগত খেলা কেইবাজনো ফুটবলাৰক মেচ ফিক্সিঙৰ প্রস্তাৱ আগবঢ়াইছিল জুৱাৰীয়ে৷ এই কথা সদৰী কৰিছে ভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি কল্যাণ চৌবেই৷ সংস্থাটোৰ তৰফৰ পৰা আজি জনোৱা হয়– আই লীগত খেলা বহুসংখ্যক ফুটবলাৰক জুৱাৰীসকলে মেচ ফিক্সিঙৰ বাবে প্রস্তাৱ আগবঢ়াইছিল৷ কোনো মেচত ফিক্সিং হৈছিল নে নাই আৰু কোনে সেই প্রস্তাৱ আগবঢ়াইছিল, সেই বিষয়ে তদন্ত কৰিব সর্বভাৰতীয় ফুটবল সংস্থাই৷ এই গুৰুতৰ বিষয়টো পোহৰলৈ আনিছে সভাপতি চৌবেই৷ অৱশ্যে কিদৰে এই তথ্য লাভ কৰিছে আৰু কোনকেইগৰাকী ফুটবলাৰক প্রস্তাৱ দিয়া হৈছে অথবা কোনে যোগাযোগৰ প্রস্তাৱ দিছিল সেই সম্পর্কে কোনো তথ্য সদৰী কৰা নাই৷ কেৱল আশ্বাস দিয়া হৈছে যে ভাৰতীয় ফুটবলৰ গৰিমা ৰক্ষাৰ বাবে ভাৰতীয় ফুটবল সংস্থা সদায় সচেষ্ট হৈ থাকিব৷ এক বিবৃতিত কোৱা হৈছে– আমি সম্প্রতি তথ্য লাভ কৰিছোঁ যে আমাৰ বহুসংখ্যক ফুটবলাৰক মেচ ফিক্সিঙৰ প্রস্তাৱ আগবঢ়োৱা হৈছে৷ আমি বিস্তাৰিতভাৱে এই ঘটনাসমূহ পর্যবেক্ষণ কৰি তাৰ তদন্ত কৰিবলৈ আৰু প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ উদ্যোগ লৈছোঁ৷ নিজৰ ফুটবলাৰসকলক ৰক্ষা কৰাৰ বিষয়ত আমি দায়বদ্ধ৷ খেলুৱৈ আৰু খেলবিধৰ সন্মান হানি কৰিব পৰা কোনোধৰণৰ ঘটনা কেতিয়াও আগন্তুক দিনত সহ্য কৰা নহ’ব৷ উল্লেখ্য যে চলিত ছিজনৰ আই লীগ আৰম্ভ হৈছে অক্টোবৰত৷ ইতিমধ্যে ৪০খনৰো অধিক মেচ খেলা হৈছে৷ কলকাতাৰ মহমেদান স্প’র্টিং ক্লাবে আই লীগত খেলিছে৷ কিন্তু কোনটো ক্লাব অথবা কোন ফুটবলাৰ এই বিষয়ত জড়িত এই কথা পোহৰলৈ অনা হোৱা নাই৷ কল্যাণে লগতে কয়– এইধৰণৰ ঘটনা যাতে আগন্তুক সময়ত দ্রুতভাৱে সমাধান কৰিব পৰা যায়, তাৰ বাবে আমি নিজৰো উন্নতি কৰিব লাগিব৷ কি ধৰণে এনে ঘটনা বুজা, উত্তৰ দিয়া আৰু অভিযোগ জনোৱা হয় সেই বিষয়ে অধিকাৰীক আৰু ফুটবলাৰসকলক বুজোৱা হ’ব৷ উল্লেখ্য যে ভাৰতীয় ফুটবলত মেচ ফিক্সিঙৰ ঘটনা নতুন নহয়৷ ২০১৮ চনত এই আই লীগতে মেচ ফিক্সিঙৰ অভিযোগত তৎকালীন মিনার্ভা পঞ্জাব ফুটবল ক্লাবৰ ফুটবলাৰসকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল ফুটবল ফেডাৰেচনে৷ যোৱা বছৰৰ নৱেম্বৰত দেশজুৰি যথেষ্টসংখ্যক ফুটবল মেচত ফিক্সিঙৰ গোন্ধ পাই প্রাথমিক তদন্ত আৰম্ভ কৰিছিল চিবিআয়ে৷ সেই তদন্তৰ বাবে বিভিন্ন ক্লাবৰ তথ্য সংগ্রহ কৰিছিল সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কার্যালয়ৰ পৰা৷ ছিংগাপুৰৰ এজন জুৱাৰীৰ ওপৰত প্রাথমিক সন্দেহ আছিল চিবিআইৰ৷ কিন্তু এতিয়াও কোনো তদন্তৰ নিষ্পত্তি হোৱা নাই৷ অৱশ্যে ফেডাৰেচনে উদ্যোগ গ্রহণ কৰিলে নিশ্চিতভাৱে শীঘ্রে সমস্যাটোৰ সমাধান হ’ব৷