চলিত বছৰত মুখামুখি হ’ব ভাৰত–পাকিস্তানঃ টি–২০ বিশ্বকাপৰ বাবে পাকিস্তানক ভিছা প্রদানৰ আশ্বাস BCCI ৰ
নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ চলিত বছৰৰ শেষৰফালে আন্তঃৰাষ্ট্রীয় ক্রিকেটত পুনৰ মুখামুখি হ’ব পাৰে দুই চিৰন্তন বৈৰী ভাৰত–পাকিস্তান৷ ভাৰতৰ মাটিত অহা অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ বাবে পাকিস্তানক বি চি চি আয়ে সময় মতে ভিছা প্রদানৰ আশ্বাস দিয়াৰ পিছতে এই সম্ভাৱনা অধিক স্পষ্ট হৈ পৰিছে৷ সৌৰভ গাংগুলী নেতৃত্বাধীন ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে পাকিস্তানক সময় মতে ভিছাৰ ব্যৱস্থা কৰি দিব বুলি আই চি চিক নিশ্চয়তা দিছে৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে শেহতীয়াকৈ এই কথা সদৰী কৰিছে৷
উল্লেখ্য যে ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ বাবে পাকিস্তানৰ খেলুৱৈ আৰু বিষয়ববীয়াসকলক আগতীয়াকৈ ভিছাৰ নিশ্চয়তা দিবলৈ পাকিস্তান ক্রিকেট ব’র্ডে আই চি চিক আহ্বান জনাইছিল৷ এই অনুসৰি আই চি চিয়ে শেহতীয়াকৈ বি চি চি আইৰ সৈতে বিষয়টো আলোচনা কৰে৷ বি চি চি আইৰ সেউজ সংকেতৰ পিছত আই চি চিয়ে পাকিস্তানক জনাই দিছে যে টি–২০ বিশ্বকাপৰ বাবে দেশখনৰ খেলুৱৈ আৰু বিষয়ববীয়াই ভিছা লাভ কৰাৰ বিষয়টো অহা এমাহৰ ভিতৰত নিষ্পত্তি হ’ব৷ এপ্রিলৰ ভিতৰত বি চি চি আয়ে ভিছা সন্দর্ভত আই চি চিক লিখিত প্রতিশ্রুতি দিব বুলি প্রকাশ পাইছে৷
মন কৰিবলগীয়া যে ভিছাৰ সমস্যা দূৰ হ’লে পাকিস্তানে টি–২০ বিশ্বকাপত অংশ লোৱাটো নিশ্চিত হ’ব আৰু আয়োজক দেশ ভাৰতৰ মুখামুখি হোৱাটোও একপ্রকাৰ নিশ্চিত৷ ভাৰত আৰু পাকিস্তানে শেষবাৰৰ বাবে ২০১৯ৰ আই চি চি এদিনীয়া বিশ্বকাপৰ গ্রুপ পর্যায়ৰ মেচত মুখামুখি হৈছিল৷ বর্ষাবিঘ্ণিত এই মেচত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন ভাৰতে ৮৯ ৰানত জয় সাব্যস্ত কৰিছিল৷
ইফালে, টি–২০ বিশ্বকাপত দুই চিৰবৈৰীয়ে ২০১৬ৰ ১৯ মার্চতে অন্তিমবাৰৰ বাবে সমুখ সমৰত নামিছিল৷ কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত এই মেচত কোহলিৰ অপৰাজিত ৫৫ ৰানৰ সহায়ত ঘৰুৱা দলটোৱে শেষ হাঁহি মাৰিছিল৷