নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ আগষ্টৰ পৰা বিশ্বকাপৰ টিকট বিক্রী আৰম্ভ

🔹 ঘৰত বহিয়ে কাটিব পাৰিব টিকট
বিশেষ বাৰ্তা, ২৯ জুলাই : অহা ১০ আগষ্টৰ পৰা এদিনীয়া বিশ্বকাপৰ টিকট বিক্রী আৰম্ভ হ’ব৷ অৱশ্যে ইয়াৰ পূর্বে বিশ্বকাপৰ সূচীত কিছু পৰিৱর্তন হ’ব পাৰে ৷ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ তৰফৰ পৰা ৰাজ্যিক ক্রিকেট সংস্থাসমূহৰ পৰা টিকটৰ দাম সম্পর্কেও জানিব বিচৰা হৈছে ৷ বৃহস্পতিবাৰে ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ সচিব জয় শ্বাহে জনাইছে যে ভাৰত–পাকিস্তান মেচৰ দিন সলনি হ’ব পাৰে ৷ অন্য কেইখনমান মেচৰো দিন সলনি হোৱাৰ সম্ভাৱনা আছে ৷ সূচীত সেই সকলো পৰিৱর্তন ঘটোৱাৰ পিছত আৰম্ভ হ’ব টিকট বিক্রী ৷ অৱশ্যে এইবাৰ অনলাইনত টিকট কাটিলেও ছপা টিকট সংগ্রহ কৰিব লাগিব ৷ অনলাইনত কটা টিকট দেখুৱাই খেলপথাৰত প্রৱেশ কৰিব নোৱাৰিব দর্শকে ৷ এইবাৰ বিশ্বকাপ ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৷ ফাইনেল অনুষ্ঠিত হ’ব ১৯ নৱেম্বৰত ৷ বিশ্বকাপৰ সূচী পৰিৱর্তন প্রসংগত জয় শ্বাহে কয় যে তিনিখন দেশে আইচিচিক সূচী পৰিৱর্তনৰ বাবে আৱেদন জনাইছে ৷ সেই অনুসৰি দিন আৰু সময় পৰিৱর্তন হ’ব যদিও ভেন্যু পৰিৱর্তন নহয়৷ কোনো দেশৰ দুখন মেচৰ মাজৰ ব্যৱধান ৬ দিন থাকিলে চাৰি বা পাঁচ দিনলৈ হ্রাস কৰা হ’ব৷ পৰিৱর্তিত সূচী তিনি–চাৰি দিনৰ ভিতৰত চূড়ান্ত হ’ব ৷ ১৫ অক্টোবৰত ভাৰত–পাকিস্তানৰ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ কিন্তু সেইদিনা নৱৰাত্রি উৎসৱ থকা বাবে আহমেদাবাদত ভাৰত–পাকিস্তানৰ দৰে গুৰুত্বপূর্ণ মেচ আয়োজন কৰা কঠিন হ’ব বুলি ধাৰণা কৰা হৈছে৷ কাৰণ গুজৰাটত এই উৎসৱ মহাধুমধামেৰে অনুষ্ঠিত হয়৷ সেই মেচখন ১৪ অক্টোবৰত অনুষ্ঠিত হ’ব পাৰে ৷ সেই পৰিৱর্তনৰ পিছতে আৰম্ভ হ’ব টিকট বিক্রী ৷ অনলাইনত টিকট কটাৰ পিছত প্রতিটো কেন্দ্রত থকা কাউণ্টাৰৰ পৰা ছপা টিকট সংগ্রহ কৰিব পৰা যাব ৷

You might also like