অনুশীলনলৈ উভতিল মীৰাবাঈ চানু
টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়েৰে দেশবাসীক গর্বিত কৰা তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে ২০২৪ৰ পেৰিছ অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি আজিৰে পৰা পুনৰ অনুশীলন আৰম্ভ কৰিছে৷ টকিঅ’ অলিম্পিকৰ মহিলাৰ ৪৯ কেজি শাখাত ৰূপৰ পদক অর্জন কৰা মণিপুৰৰ ভাৰোত্তোলকগৰাকীয়ে প্রশিক্ষকৰ সৈতে অনুশীলন আৰম্ভ কৰাৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে৷
উল্লেখ্য যে অলিম্পিকত পদক জয় কৰি দেশলৈ ওভতা খেলুৱৈসকলক সম্বর্ধনা জ্ঞাপনক লৈ দল–সংগঠনৰ মাজত হেতা–ওপৰা লাগি থকাৰ সময়তে পেৰিছ অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি চানুৱে অনুশীলন আৰম্ভ কৰাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ ইয়াৰ পূর্বে টকিঅ’ অলিম্পিকৰ স্বর্ণজয়ী তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই আদৰণি আৰু সম্বর্ধনা অনুষ্ঠানক লৈ অসন্তুষ্টি প্রকাশ কৰি কৈছিল যে দেশবাসীয়ে মাত্র এটা সোণৰ পদকতে সন্তুষ্ট হোৱা উচিত নহয়৷ খেলুৱৈসকলক এতিয়া অনুশীলনত সুযোগ দিব লাগে বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছিল৷