নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ আই পি এলৰ উদ্বোধনী মেচত চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাজয়ৰ সন্মুখীন হোৱা মুম্বাই ইণ্ডিয়ানছে আজি প্রত্যাৱর্তনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া দলটোৰ দ্বিতীয়খন মেচত তেওঁলোকৰ প্রতিদ্বন্দ্বী হ’ব কলকাতা নাইট ৰাইডার্ছ৷ ইয়ন মৰগান, আন্দ্রে ৰাছেল, নীতিশ ৰাণা, দীনেশ কার্তিক, শুভমন গিল আদিৰ দৰে বিগ হিটাৰেৰে সমৃদ্ধ কে কে আৰৰ বিৰুদ্ধে ৰোহিত শর্মা নেতৃত্বাধীন মুম্বায়ে কাইলৈ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত৷ যিকোনো মুহূর্তত খেলৰ গতি সলনি কৰিব পৰা মৰগান, ৰাছেলৰ দৰে বেটছমেনক বান্ধি ৰাখিবলৈ মুম্বাই ইণ্ডিয়ানছৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহ আৰু ট্রেণ্ট ব’ল্টে প্রদর্শন উন্নত কৰিব লাগিব৷ উল্লেখ্য যে উদ্বোধনী মেচত দুয়োগৰাকী বলাৰে প্রত্যাশিত বলিং প্রদর্শন দাঙি ধৰিব নোৱৰাত মুম্বাই ইণ্ডিয়ানছ বিপদৰ সন্মুখীন হয়৷ অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া আৰু ক্রুনাল পাণ্ডিয়াৰ পৰাও দলে উন্নত প্রদর্শন আশা কৰিছে৷ ইফালে, ৰোহিত শর্মা, কিৰণ পোলার্ড, সূর্য কুমাৰ যাদৱ, কুইণ্টন ডি কক আদিৰ দৰে আক্রমণাত্মক বেটছমেনক নিয়ন্ত্রণত ৰখাৰ দায়িত্ব চম্ভালিব অষ্ট্রেলিয়ান তাৰকা পেট কামিনছেৰে গঠিত কে কে আৰৰ শক্তিশালী বলিং বিভাগে৷ বেগী বলিং আক্রমণত কামিনছক সহযোগিতা আগবঢ়াব কমলেশ নাগৰকটি আৰু প্রসিধ কৃষ্ণই৷ একেদৰে স্পীন বিভাগত আছে কেৰিবিয়ান তাৰকা সুনীল নাৰিন আৰু ভাৰতৰ কুলদীপ যাদৱ৷ মন কৰিবলগীয়া যে দুয়োটা দলে আই পি এলত এতিয়ালৈকে মুঠ ২৫বাৰ পৰস্পৰৰ সন্মুখীন হৈছে আৰু ইয়াৰে ১৯বাৰ ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে শেষ হাঁহি মাৰিছে৷