নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ কোটি দর্শকে উপভোগ কৰিছে উদ্বোধনী মেচ

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সচিব জয় শ্বাহৰ দাবী

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  দীর্ঘ অপেক্ষাৰ অন্তত যোৱা শনিবাৰে আবু ধাবিত আৰম্ভ হোৱা আই পি এলৰ উদ্বোধনী মেচ উপভোগ কৰিছে অভিলেখসংখ্যক ২০ কোটি দর্শকে৷ বিশ্বৰ যিকোনো ক্রীড়া প্রতিযোগিতাৰ উদ্বোধনী মেচ উপভোগ কৰা এয়া হ’ল সর্বাধিক পৰিমাণৰ দর্শক৷ এই কথা মঙলবাৰে ঘোষণা কৰে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সচিব জয় শ্বাহে৷ ব্রডকাষ্ট অ’ডিয়েঞ্চ ৰিছার্চ কাউঞ্চিল (বার্ক)ৰ সমীক্ষাৰ উদ্ধৃতি দি জয় শ্বাহে টুইটাৰত কয় যে আই পি এলৰ উদ্বোধনী মেচে নতুন অভিলেখ স্থাপন কৰিছে৷ যোৱা শনিবাৰে মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখন টিভিৰ জৰিয়তে প্রায় ২০ কোটি লোকে উপভোগ কৰে৷ উল্লেখ্য যে এইবাৰৰ আই পি এল চলিত বর্ষৰ ২৯ মার্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে ১৯ ছেপ্ঢেম্বৰলৈ পিছুৱাই দিয়া হৈছিল৷

You might also like