নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ দীর্ঘ অপেক্ষাৰ অন্তত মৰুৰ দেশত আৰম্ভ হোৱা আই পি এলত আজিৰ খেলপথাৰত নামিব অসম সন্তান ৰিয়ান পৰাগ৷ বিগত বর্ষৰ আই পি এলত চমকপ্রদ প্রদর্শনেৰে দেশবাসীৰ মন জয় কৰা অসমৰ উদীয়মান বেটছমেনগৰাকীৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে৷ অষ্ট্রেলিয়ান তাৰকা ষ্টিভেন স্মিথ, ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী অলৰাউণ্ডাৰ বেন ষ্ট’কছৰ দৰে আগশাৰীৰ খেলুৱৈৰ প্রশংসা লাভ কৰা ৰিয়ানে কাইলৈ ৰাজস্থান ৰয়েলছৰ হৈ চলিত বর্ষৰ আই পি এলত প্রথমখন মেচ খেলিব৷ উল্লেখ্য যে বিগত বর্ষৰ আই পি এলত ৰিয়ানে ৭খন মেচ খেলি এটা অর্ধশতকসহ ১৬০ ৰান সংগ্রহ কৰিছিল।